প্ৰাৰ্থিত্ব ঘোষণাৰ পাছতে ডিব্ৰুগড়ত উপস্থিত লুৰীণজ‍্যোতি গগৈ

প্ৰাৰ্থিত্ব ঘোষণাৰ পাছতে ডিব্ৰুগড়ত উপস্থিত লুৰীণজ‍্যোতি গগৈ

ডিজিটেল সংবাদ,ডিব্ৰুগড় : আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক‍্যমঞ্চৰ লুৰীণজ্যোতি গগৈৰ প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ পিছতেই তেওঁ ডিব্ৰুগড়ৰ বৰপথাৰস্থিত বাসগৃহৰ পৰা বিশাল ৰেলীৰে বৰবৰুৱাস্থিত চ‍্যুকাফা ভৱনলৈ ৰাওনা হয়। তাতেই পোনপ্ৰথমে স্বৰ্গদেউ চ‍্যাওলোং চ‍্যুকাফাৰ প্ৰতিমূৰ্তিত মাল‍্যাৰ্পণ, বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পণ কৰি বৰ অসম গঢ়োঁতা গৰাকীৰ পৰা আশীষ কামনা কৰে।

উল্লেখযোগ্য যে বিৰোধী ঐক‍্যমঞ্চ‌ই লুৰীণজ্যোতি গগৈক প্ৰক্ষেপ কৰাত উৎফুল্লিত অসম জাতীয় পৰিষদ। ৫শৰো অধিক বাহনেৰে দলীয় কৰ্মী আৰু সমৰ্থক অংশগ্ৰহণ কৰা ৰেলীত বিৰোধী ঐক‍্যমঞ্চ‌ৰ সহযোগী দল কংগ্ৰেছ, ৰাইজৰ দল, CPIM, তৃণমূল কংগ্ৰেছ, আদি দলৰ নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে।

স্বৰ্গদেউ চ‍্যাওলুং চ‍্যুকাফাৰ প্ৰতিমূৰ্তিত সেৱা লৈ প্ৰাৰ্থী লুৰীণজ্যোতিয়ে ডিব্ৰুগড় লোকসভা সমষ্টিত জয় নিশ্চিত বুলি দাবী কৰে। বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোনোৱালক জাতিদ্ৰোহী আখ‍্যা দি 'কা' আন্দোলনৰ পঞ্চ ছহিদৰ ত‍্যাগ অথলে নাযায় বুলি দাবী কৰে।

সৰ্বানন্দৰ আমোলত বিজেপি চৰকাৰে জাতিটোক চূড়ান্ত প্ৰতাৰণা কৰা বুলি উল্লেখ কৰি স্বাভিমানী অসমীয়া জাতিৰ ঠগ-প্ৰবঞ্চনা আৰু জাতিৰ গাদ্দাৰক উচিত শিক্ষা দিবলৈ সমষ্টিবাসীলৈ কাতৰ আহ্বান জনায়। অন‍্যহাতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী মনোজ ধনোৱাৰৰ প্ৰসংগত বিৰোধী ঐক‍্যমঞ্চ‌ৰ বাবে ধনোৱাৰ কোনো ধৰণৰ ফেক্টৰ নহয় বুলি গগৈয়ে উল্লেখ কৰে।

লগতে বিভিন্ন স্থানত আপৰ প্ৰাৰ্থী মনোজ ধনোৱাৰে নিজেই নিৰ্দিষ্ট ভোটত জয়ী হ'ব বুলি কোৱাৰ প্ৰসংগত গগৈয়ে কয়, নিজেই ইমান ভোটত জিকিম, সিমান ভোটত জিকিম বুলি কোৱা ব‍্যক্তিজন হৈছে এটা হীনমন‍্যতাৰ বৰ্হি প্ৰকাশ। তেওঁ নিজৰ ব‍্যৰ্থতা ধাকিব নোৱৰাৰ কাৰণেই জনসাধাৰণৰ মাজত মানসিক যুদ্ধ কৰি আছে বুলি ধনোৱাৰৰ প্ৰসংগ উত্থাপন কৰে। ইয়াৰ পাছতে বাইক ৰেলী বৰবৰুৱাৰ চ‍্যুকাফা ভৱনৰ পৰা পোনে পোনে চাবোৱাৰ মায়ামৰা দিনজয় সত্ৰৰ অভিমুখে ৰাওনা হয়।

প্ৰাৰ্থিত্ব ঘোষণাৰ পাছতে ডিব্ৰুগড়ত উপস্থিত লুৰীণজ‍্যোতি গগৈ
পল্টন বজাৰত হোলী গীতৰ কৰ্মশালা সম্পন্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in