চাবুৱাত চাউল বিতৰণত ব্যাপক অনিয়মৰ অভিযোগ তুলি একাংশৰ প্ৰতিবাদ

চাবুৱাত চাউল বিতৰণত ব্যাপক অনিয়মৰ অভিযোগ তুলি একাংশৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, চাবুৱাঃ "আমাক চাউল লাগিবই , লাগিবই লাগিব" এই আকাশ বতাহ কঁপাই যোৱা ধ্বনিৰে বহু মহিলাই উত্তপ্ত কৰিলে চাবুৱাৰ নাহৰতলি অঞ্চল। যি সময়ত চৰকাৰে প্ৰতিটো দৰিদ্ৰ পৰিয়ালক হিতাধিকাৰীৰ আওতালৈ আনি বিনামূলীয়া চাউল যোগান ধৰি কিছু সকাহ দিয়াৰ প্ৰয়াস কৰিছে সেই সময়তে দুখীয়া ৰাইজৰ চাউল আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে।

হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে একাংশ সূলভ মূল্যৰ এজেন্টৰ বিৰুদ্ধে । এই ঘটনা সংঘটিত হৈছে নাদুৱা সমবায় সমিতিৰ অন্তৰ্গত বিপুল কোঁৱৰ নামৰ এজেন্ট জনৰ বিৰুদ্ধে।

এই এজেন্ট জনে চাউল হৰলুকি কৰি জানুৱাৰী মাহৰ পৰা নিয়মীয়াকৈ হিতাধিকাৰীক চাউল যোগান নধৰাৰ গুৰুতৰ অভিযোগ উঠিছে। ইয়াৰ প্ৰতিবাদত হাতে হাতে ৰেচন কাৰ্ড লৈ প্ৰতিবাদ কৰিব লগা হৈছে হিতাধিকাৰী গৃহিনী সকলে , কেইবাটাও গুৰুতৰ অভিযোগেৰে ভুক্তভোগী হিতাধিকাৰী সকলে উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে।

চাবুৱাত চাউল বিতৰণত ব্যাপক অনিয়মৰ অভিযোগ তুলি একাংশৰ প্ৰতিবাদ
পুত্ৰৰ নামত কলংক! মাতৃক খুঁটাত বান্ধি প্ৰহাৰ, গাত ঢালি দিলে গৰম পানী

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in