জিলাৰ বিলুপ্তিকৰণ সন্দৰ্ভত অসম চৰকাৰলৈ কাৰণ দৰ্শোৱাৰ জাননী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...

জিলাৰ বিলুপ্তিকৰণ সন্দৰ্ভত অসম চৰকাৰলৈ কাৰণ দৰ্শোৱাৰ জাননী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...

author-image
Asomiya Pratidin
New Update
দোষমুক্ত হ'ল উত্তৰ কাছাৰৰ হাজাৰ কোটি টকীয়া কেলেংকাৰীত আটাইকেইজন অভিযুক্ত...

জিলাৰ বিলুপ্তিকৰণ সন্দৰ্ভত অসম চৰকাৰলৈ কাৰণ দৰ্শোৱাৰ জাননী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ কেবিনেটে চাৰিখন জিলাৰ মৰ্যাদা কৰ্তন কৰাৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। শেহতীয়াকৈ অসম চৰকাৰে কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰিয়েই নিশাৰ ভিতৰতে বিশ্বনাথ, হোজাই, তামুলপুৰ আৰু বজালী জিলাক জিলাৰ মৰ্যাদা কৰ্তন কৰি বিশ্বনাথক শোণিতপুৰ, হোজাইক নগাওঁ, তামুলপুৰক বাক্সা আৰু বজালী জিলাক বৰপেটা জিলাৰ লগত একত্ৰিকৰণ কৰিছিল।

Advertisment

নিশাটোৰ ভিতৰতে চাৰিওখন জিলাই হেৰুৱাইছিল জিলাৰ মৰ্যাদা। এই সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন দল, সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও সময়ৰ লগে লগে সেই প্ৰতিবাদ বন্ধ হ'ল।

কিন্তু তাৰ মাজতে বিশ্বৱনাথ জিলা বিলুপ্তিৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ কাষ চাপে কংগ্ৰেছ নেতা ড০ সঞ্জু বৰুৱা। বৰুৱাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন দাখিল কৰে।

এই আৱেদনৰ শুনানি গ্ৰহণ কৰি সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰলৈ এই সন্দৰ্ভত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে। অসম চৰকাৰৰ হৈ চাৰি সপ্তাহৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ দিবলৈ মহাধিবক্তা দেৱজিৎ শইকীয়াক নিৰ্দেশ প্ৰদান কৰিছে।

ড০ সঞ্জু বৰুৱাৰ হৈ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে।

Also Read: প্ৰশ্নকাকত ফাদিল, পৰীক্ষা বাতিল : আঁৰত কোন আছিল...

গুৱাহাটী উচ্চ ন্যায়ালয়