গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাঢ়া নিৰ্দেশ! অনুষ্ঠিত কৰিব নোৱাৰিব ম'হ যুঁজ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাঢ়া নিৰ্দেশ! অনুষ্ঠিত কৰিব নোৱাৰিব ম'হ যুঁজ

ডিজিটেল ডেস্কঃ ম’হ যুঁজত স্থগিতাদেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। PETAৰ আবেদনৰ ভিত্তিত এই অন্তৱৰ্তী নিৰ্দেশ ন্যায়ালয়ৰ। পুনৰ অসমত যাতে ম’হ যুঁজ অনুষ্ঠিত নহয় তাৰ ব্যৱস্থা ল’বলৈ জিলা প্রশাসনসমূহলৈ নিৰ্দেশ দিয়ে ন্যায়ালয়ে।

গোচৰটো সন্দৰ্ভত অসম চৰকাৰক ব্যৱস্থা গ্রহণৰ প্রতিবেদন দাখিলৰো নিৰ্দেশ প্ৰদান ন্যায়ালয়ৰ। ৬ ফেব্রুৱাৰীৰ পূৰ্বে প্রতিবেদন দাখিলৰ নিৰ্দেশ জাৰি।

উল্লেখ্য যে, পৰম্পৰা ৰক্ষা কৰিয়েই অসমীয়া ৰাইজে ভোগালী বিহুৰ সময়ছোৱাত ম'হযুঁজ, বুলবুলি চৰাইৰ যুঁজ, কুকুৰা যুঁজ আদি অনুষ্ঠিত কৰি আহিছিল। কিন্তু যোৱা প্ৰায় কেইবাটাও বছৰত আইনী হস্তক্ষেপৰ বাবে এই যুঁজ বন্ধ হৈ আছিল।

আহোম স্বৰ্গদেউসকলৰ দিনৰ পৰাই অসমত প্ৰচলিত এই যুঁজবোৰ ন্যায়ালয়ে এক নিৰ্দেশনাৰ জৰিয়তে নিষিদ্ধ কৰিছিল। ২০১৪ চনত ন্যায়ালয়ে এক ৰায়ৰ জৰিয়তে এনেধৰণৰ যুঁজ সমূহক জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা বুলি উল্লেখ কৰে এনে প্ৰতিযোগিতাসমূহ নিষিদ্ধ ঘোষণা কৰিছিল।

কিন্তু শেহতীয়াকৈ অসম চৰকাৰৰ কেবিনেট বৈঠকত এই সন্দৰ্ভত গ্ৰহণ কৰা হৈছিল গুৰুত্বপূৰ্ণ সিদ্ধান্ত। যাৰ অধীনত অসমত ম'হ যুঁজ কৰাৰ অনুমতি প্ৰদান কৰা হৈছিল। তাৰ ভিত্তিত এইবেলি মাঘবিহুৰ সময়ত অসমত ম'হ যুঁজ অনুষ্ঠিত হৈছিল। কিন্তু পুনৰ ম'হ যুঁজ বন্ধ কৰাৰ নিৰ্দেশ দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাঢ়া নিৰ্দেশ! অনুষ্ঠিত কৰিব নোৱাৰিব ম'হ যুঁজ
নতুন মুখ্যমন্ত্ৰীৰ অপেক্ষাত ঝাৰখণ্ড...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in