নতুন মুখ্যমন্ত্ৰীৰ অপেক্ষাত ঝাৰখণ্ড...

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেন গ্ৰেপ্তাৰ হোৱাৰ পাছতেই ৰাজ্যখনত ৰাজনৈতিক সংকতে দেখা দিছে।

author-image
Asomiya Pratidin
New Update
নতুন মুখ্যমন্ত্ৰীৰ অপেক্ষাত ঝাৰখণ্ড...

ডিজিটেল ডেস্কঃ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেন গ্ৰেপ্তাৰ হোৱাৰ পাছতেই ৰাজ্যখনত ৰাজনৈতিক সংকতে দেখা দিছে। মিত্ৰজোট জেএমএম, আৰজেডি বিধায়ক দলৰ নেতা চম্পাই চোৰেন হ'ব পাৰে ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী।

Advertisment

ইতিমধ্যে আজি সন্ধিয়া ৫ বজাত ৰাজ্যপাল চিপি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰিছে। যাৰ পিছত ৰাজ্যপালে তেওঁক চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনায়। চম্পাই চোৰেনে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ তাৰিখ শুক্ৰবাৰে ঘোষণা কৰা হ'ব।

বুধবাৰে হেমন্ত চোৰেনক গ্ৰেপ্তাৰ কৰাৰ ঠিক আগতে চম্পাই চোৰেন মহাগটবন্ধন বিধায়িনী দলৰ নেতা নিৰ্বাচিত হয়। যাৰ পিছত চম্পাই বৃহস্পতিবাৰে ৰাজ্যপালৰ সৈতে এপইণ্টমেণ্ট বিচাৰিছিল। তাৰ পিছত তেওঁ ৫ জন বিধায়কৰ সৈতে ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ গৈছিল।

ৰাজ্যপাললৈ লিখা পত্ৰত চম্পাই চোৰেনে উল্লেখ কৰিছিল যে- তেওঁৰ সমৰ্থনত ৪৭ জন বিধায়কৰ আছে আৰু পত্ৰত ৪৩ জন বিধায়কৰ স্বাক্ষৰ আছে। যোৱা ১৮ ঘণ্টা ধৰি ৰাজ্যখনত কোনো চৰকাৰ নাই। সেয়েহে, চৰকাৰ গঠনকৰিবলৈ আমন্ত্ৰণ জনাবলৈ অনুৰোধ কৰিছিল চোৰেনে।

আনহাতে নিশিকান্ত দুবেই অভিযোগ কৰিছে যে জেএমএমৰ ৪৮-৪৯ জন বিধায়ক আছে, কিন্তু তেওঁ মাত্ৰ ৪২-৪৩ জনৰ স্বাক্ষৰ লাভ কৰিবলৈ সক্ষম হৈছে। সীতা চোৰেন, ৰামদাস চোৰেনৰ লগতে বহু কংগ্ৰেছ নেতা বৈঠকত উপস্থিত নাছিল। সম্ভৱতঃ চম্পাই চোৰেনৰ হাতত সংখ্যাগৰিষ্ঠতা নাই।

Also Read: আছুৰ প্ৰাক্তন উপদেষ্টা তথা ন বিজেপি প্ৰকাশ দাসক উষ্ম আদৰণি হাজোত

hemanta soren jharkhand champai soren