কাছাৰত ১,৭০৫ কেজি গাঞ্জা জব্দ

কাছাৰত ১,৭০৫ কেজি গাঞ্জা জব্দ

author-image
Asomiya Pratidin
New Update
কাছাৰত ১,৭০৫ কেজি গাঞ্জা জব্দ

ডিজিটেল সংবাদ শিলচৰ: কাছাৰৰ দিগৰখালত বুজন পৰিমাণৰ গাঞ্জা জব্দ কৰা হৈছে। গোপন তথ্যৰ ভিত্তিত আৰক্ষী অধীক্ষক নোমাল মাহাত্তাৰ নেতৃত্বত আৰক্ষীয়ে এখন ডাম্পাৰৰ পৰা জব্দ কৰে কেবাটাও গাঞ্জাৰ পেকেট।

Advertisment

পেকেট কেইটাৰ পৰা মুঠ ১ কুইন্টল ৭০৫ কেজি গাঞ্জা জব্দ কৰা হয়। আৰক্ষীৰ তালাচীত ডাম্পাৰৰ গোপন চেম্বাৰৰ পৰা উদ্ধাৰ হয় গাঞ্জাখিনি। ত্ৰিপুৰাৰ পৰা মেঘালয় হৈ বহিঃৰাজ্যলৈ সৰবৰাহৰ সময়ত জব্দ কৰা হয় গাঞ্জাখিনি।

জব্দকৃত গাঞ্জা খিনিৰ‌ মুল্য কোটি টকাৰ অধিক বুলি অনুমান কৰা হৈছে। নিচা বিৰোধী এই সফল অভিযানৰ বাবে মুখ্যমন্ত্ৰীয়ে টুইট কৰি কাছাৰ আৰক্ষীক প্ৰশংসা কৰে।

Also Read: ৮ মহীয়া গৰ্ভৱতী মহিলাক ধৰ্ষণৰ অপচেষ্টা

assampolice