বকোত ৭ টা চোৰাং গো-ধন জব্দ,আটক ৩ সৰবৰাহকাৰী

বকোত ৭ টা চোৰাং গো-ধন জব্দ,আটক ৩ সৰবৰাহকাৰী

ডিজিটেল সংবাদ, ছমৰীয়া : কামৰূপ জিলাৰ বকোত অব্যাহত চোৰাং গো-ধনৰ ৰমৰমীয়া বেহা। বকোৰ শিংৰাৰ সমীপত পুৱতি নিশা বকো আৰক্ষীয়ে জব্দ কৰিলে ৭ টাকৈ চোৰাং গো-ধন। দক্ষিন কামৰূপৰ বিভিন্ন অঞ্চলত আৰক্ষীৰ চকুত ধূলি দি এতিয়াও চলি আছে চোৰাং গো-ধনৰ ৰমৰমীয়া ব্যৱসায়।

বকো আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত বকোৰ শিংৰাত অভিযান চলাই অবৈধ ভাৱে সৰবৰাহ কৰা ৭ টাকৈ চোৰাং গো-ধন সহ ৩ জনকৈ গো-সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লোককেইজন ক্ৰমে-খোইমুদ্দিন আলী,জাহিৰুদ্দিন আহমেদ,জিতেন ৰাভা। বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফনীন্দ্ৰ নাথৰ নেতৃত্বত চলিছিল এই অভিযান।

এই গো-সৰবৰাহৰ লগত জড়িত এখন ডি আই বাহনও জব্দ কৰিছে বকো আৰক্ষীয়ে।জব্দকৃত বাহন খনৰ নম্বৰ এ এছ ডিচি ৬০৭৫ । জানিব পৰা মতে একাংশ ব্যৱসায়ীয়ে মেঘালয় হৈ বাংলাদেশলৈ চলাই আহিছে গো-ধনৰ চোৰাং বেহা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in