/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/ganja-chirang.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰত শণিবাৰে ৰাইজৰ সহযোগত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ গাঞ্জা সহ মজিবৰ ৰহমান নামৰ এজন গাঞ্জা ব্যৱসায়ী আটক কৰে। স্থানীয় লোকৰ অভিযোগ মতে মজিবৰ ৰহমান নামৰ লোকজনে দীৰ্ঘদিনৰ পৰা বৰতালোৱা বজাৰৰ ওচৰত থকা এটা সৰু গুমটী দোকানত কৌশলেৰে নিষিদ্ধ গাঞ্জাৰ ব্যৱসায় চলাই আহিছিল ।
বিভিন্ন ঠাইৰ পৰা স্কুল-কলেজৰ ছাত্ৰ আহি মজিবৰ ৰহমানৰ উক্ত দোকানৰ পৰা গাঞ্জা ক্ৰয় কৰা ৰাইজে প্ৰত্যক্ষ কৰিছিল । যাৰ ফলত এলেকাটোৰ সামাজিক পৰিৱেশ বিনষ্ট হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজে তেওঁক কেইবাবাৰো সকিয়নি প্ৰদান কৰিছিল কিন্তু ৰাইজৰ এই সকিয়নিক গুৰুত্ব দিয়া নাছিল লোকজনে ।
শণিবাৰে দুপৰীয়াৰ ভাগত অঞ্চলটোৰ একাংশ সাধাৰণ ৰাইজৰ প্ৰচেষ্টাত গাঞ্জা কিনিবলৈ অহা তিনিজন যুৱকক গাঞ্জা সহ হাতে-লোটে ধৰা পেলায় আৰু ঢালিগাঁও থানাত খবৰ দিয়ে । খবৰ লাভ কৰি আৰক্ষীয়ে অভিযান চলাই গাঞ্জা ব্যৱসায়ী মজিবৰ ৰহমান ঘৰৰ পিছফালে লুকুৱাই ৰখা ট্ৰাঙ্কৰ ভিতৰৰ পৰা পাঁচ কিলোগ্ৰামতকৈ অধিক পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা গাঞ্জা খিনিৰ মূল্য আনুমানিক ষাঠি হেজাৰ টকা হ'ব বুলি অনুমান কৰা হৈছে ।