নগাঁৱত ‘ব্লাড কম্পনেণ্ট চেপাৰেচন চেণ্টাৰ’ মুকলি…

নগাঁৱত ‘ব্লাড কম্পনেণ্ট চেপাৰেচন চেণ্টাৰ’ মুকলি…

ডিজিটেল সংবাদ নগাঁও: নগাঁৱৰ স্বাস্থ্যখণ্ডত নতুন সংযোজন ৷ শনিবাৰে নতুনকৈ সংযোজন হ'ল "ব্লাড কম্পনেন্ট চেপাৰচেন চেন্টাৰ"।নগাঁও জিলাৰ লগতে মধ্য অসমৰ এখন গুৰুত্বপূৰ্ণ চৰকাৰী চিকিৎসালয় নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত শনিবাৰৰ পৰা আৰম্ভ হৈছে "ব্লাড কম্পনেন্ট চেপাৰেচন চেন্টাৰ"৷

এই ব্যৱস্থাৰ জৰিয়তে ৰোগীক তেজৰ যিটো উপসৰ্গ প্ৰয়োজন সেইটোকে প্ৰদান কৰাৰ সুবিধা উপলব্ধ হ'ব।ফলস্বৰূপে এগৰাকী ৰোগীক প্ৰয়োজনীয় তেজৰ উপৰ্সগ প্ৰদান কৰি অতিৰিক্ত তেজৰ উপৰ্সগ সুন্দৰকৈ জমা ৰাখিব পৰা যাব ।

ইয়াৰোপৰি ক'ভিড ৰোগীৰ আৰ টি পি চি আৰ পৰীক্ষাও সম্পন্ন কৰিব পৰা হ'ব নগাঁও অসামৰিক চিকিৎসালয়তে ৷ ৰোগীৰ বাবে সম্পূৰ্ণ বিনামূলীয়াকৈ হ'বলগীয়া দুয়োটা সেৱা ৰাইজৰ বাবে মুকলি কৰে বিধায়ক ৰূপক শৰ্মাই ।

"ব্লাড কম্পনেন্ট চেপাৰেচন চেন্টাৰ" সেৱা মুকলি অনুষ্ঠানত বিধায়ক শৰ্মাৰ লগতে নগাঁও জিলা অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত বৰুৱা, নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডা: অৰূপজ্যোতি মহন্ত,নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক এল চি নাথ প্ৰমুখ্যে স্বাস্থ্য বিভাগৰ বিভিন্ন বিষয়া কৰ্মচাৰী, চিকিৎসক আৰু চিকিৎসা কৰ্মীসকল উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in