'গংগা বিলাস'ত ভ্ৰমণ কৰিবলৈ লাগিব ২০ লাখ: স্পাৰ পৰা জিমলৈ, গানৰ পৰা যোগলৈ আছে সুবিধা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বাৰাণসীত উদ্বোধন কৰে বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ক্ৰুজ এম ভি গংগা বিলাসৰ ।

author-image
Asomiya Pratidin
New Update
'গংগা বিলাস'ত ভ্ৰমণ কৰিবলৈ লাগিব ২০ লাখ: স্পাৰ পৰা জিমলৈ, গানৰ পৰা যোগলৈ আছে সুবিধা

ganga vilash

ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বাৰাণসীত উদ্বোধন কৰে বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ক্ৰুজ এম ভি গংগা বিলাসৰ । প্ৰথম বাৰ ৩২ জন ছুইজাৰলেণ্ডৰ পৰ্যটকে বাংলাদেশ হৈ অসমৰ ডিব্ৰুগড়লৈ এই যাত্ৰা কৰিব।

Advertisment

এই অত্যাধুনিক ক্ৰুজ খনত থাকিব বহু অত্যাধুনিক সা-সুবিধা। এই ক্ৰুজৰ ভিতৰত ২০০ তকৈ অধিক তম্বু লগোৱা হৈছে য'ৰ পৰা পৰ্যটকে প্ৰকৃতিৰ আনন্দ ল'ব পাৰিব। লগতে পৰ্যটকে ক্লাচিকেল মিউজিক, আৰতী, যোগ আদিৰো সুবিধা পাব।

এম ভি গংগা বিলাস হৈছে ভাৰতত নিৰ্মাণ কৰা প্ৰথম খন ক্ৰুজ জাহাজ। ই ৫১ দিনত ৩২০০ কিলোমিটাৰ ভ্ৰমণ কৰিব। এই ক্ৰুজ খনত ৩৬ জন লোকে একেলগে ভ্ৰমণ কৰিব পাৰিব।

এই ক্ৰুজ খনে ২৭ খন নদী সামৰি গন্তব্যস্থান পাব।এই ক্ৰুজে বিশ্ব ঐতিহ্যক্ষেত্ৰ, ৰাষ্ট্ৰীয় উদ্যান, নদী ঘাট আৰু বিহাৰৰ পাটনা, ঝাৰখণ্ডৰ শাহিগঞ্জ, পশ্চিম বংগৰ কলকাতা, বাংলাদেশৰ ঢাকা আৰু অসমৰ গুৱাহাটীকে ধৰি ৫০ খন পৰ্যটন স্থলী সামৰি ল'ব।

ক্ৰুজখনত স্পা, চেলুন আৰু জিমৰ দৰে সুবিধাও আছে। ইয়াৰ বাবে দৈনিক ২৫ ৰ পৰৈ ৫০ হাজাৰ টকা ব্যয় হ'ব। প্ৰতিজন যাত্ৰীয়ে ৫১ দিনৰ যাত্ৰাৰ মুঠ ব্যয় প্ৰায় ২০ লাখ হ'ব। এই ক্ৰুজখন প্ৰদূষণমুক্ত প্ৰণালী আৰু শব্দ নিয়ন্ত্ৰণ প্ৰযুক্তিৰে সজ্জিত।

কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "এই যাত্ৰাই বিদেশী পৰ্যটকসকলক এক অভিজ্ঞতামূলক যাত্ৰা দিব। আৰু ভাৰত আৰু বাংলাদেশৰ কলা, সংস্কৃতি, ইতিহাস আৰু আধ্যাত্মিকতাত লিপ্ত হোৱাৰ সুযোগ প্ৰদান কৰিব।"

আৰু পঢ়ক: বিশ্বৰ সবাতোকৈ দীঘলীয়া নদী ক্ৰুজ, বাৰাণাসীৰ পৰা ডিব্ৰুগড়লৈ কৰিব যাত্ৰা, প্ৰধানমন্ত্ৰীয়ে কৰিলে উদ্বোধন

narendra modi ganga vilash