বিশ্বৰ সবাতোকৈ দীঘলীয়া নদী ক্ৰুজ, বাৰাণাসীৰ পৰা ডিব্ৰুগড়লৈ কৰিব যাত্ৰা, প্ৰধানমন্ত্ৰীয়ে কৰিলে উদ্বোধন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি উদ্বোধন কৰিলে দেশৰ সৰ্বাধিক দীঘলীয়া নদী ক্ৰুজ। বাৰাণাসীত ভাৰ্চুৱেলী উদ্বোধন কৰে বিশ্বৰ আটাইতকৈ দীঘল ক্ৰুজ 'গংগা বিলাস'।

author-image
Asomiya Pratidin
New Update
বিশ্বৰ সবাতোকৈ দীঘলীয়া নদী ক্ৰুজ, বাৰাণাসীৰ পৰা ডিব্ৰুগড়লৈ কৰিব যাত্ৰা, প্ৰধানমন্ত্ৰীয়ে কৰিলে উদ্বোধন

ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি উদ্বোধন কৰিলে দেশৰ সৰ্বাধিক দীঘলীয়া নদী ক্ৰুজ। বাৰাণাসীত ভাৰ্চুৱেলী উদ্বোধন কৰে বিশ্বৰ আটাইতকৈ দীঘল ক্ৰুজ 'গংগা বিলাস'।

Advertisment

এম ভি গংগা বিলাস হৈছে ভাৰতত নিৰ্মাণ কৰা প্ৰথম ক্ৰুজ জাহাজ। বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ এগৰাকীৰ বিষয়াই কয় যে এই ক্ৰুজ খন হৈছে আত্ম নিৰ্ভৰ ভাৰতৰ প্ৰতীক।

এমভি গংগা বিলাসে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু ৫১ দিনৰ ভিতৰত ৩২০০ কিলোমিটাৰ ভ্ৰমণ কৰি বাংলাদেশ হৈ অসমৰ ডিব্ৰুগড় পাব।

আজি বিভিন্ন ঠাইত হোৱা উদ্বোধনী অনুষ্ঠানত বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিভিন্ন মন্ত্ৰালয়ৰ লোক সকল উপস্থিত থাকে।

ভাৰতীয় আৰু অত্যাধুনিক ডিজাইনেৰে নিৰ্মিত এই ক্ৰুজ খনৰ দৈৰ্ঘ্য৬২ মিটাৰ , ১২ মিটাৰ বহল । অত্যাধুনিক সা সুবিধা থকা জাহাজখনৰ ৩৬ গৰাকীয়ে ভ্ৰমণ কৰিব পাৰিব।

আৰু পঢ়ক: পুনৰ এনকাউন্টাৰ! পলায়নৰ চেষ্টা কৰা ডকাইতলৈ গুলী আৰক্ষীৰ

River Cruise naremdra modi sarbananda sonowal