/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/6d1ba1dc-3240-43ca-845f-af6f9ef06089/u10.jpg)
ডিজিটেল সংবাদ, ওদালগুৰি : চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰত সোমবাৰৰ পৰা আৰম্ভ হৈছে শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ। বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি আজি সন্ধিয়া গন্ধোৎসৱ অনুষ্ঠিত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/b9575219-edb8-4b42-af0c-a03634a535c0/680bafb9_17c0_4566_ba26_6edca74d94fc.jpg)
পৰম্পৰা অনুসৰি পুৱা নিত্য নাম-প্ৰসঙ্গৰ পাছত গন্ধোৎসৱৰ সন্ধিয়া কলীয়া গোসাঁইক সত্ৰৰ মণিকূটৰ পৰা সত্ৰৰ চোতাললৈ উলিয়াই আনি এখন শৰাইৰ ওপৰত ৰখা হয়। সমানে সত্ৰৰ চোতালত মেজি প্ৰজ্বলনৰ লগতে কৰা আটচবাজী প্ৰদৰ্শন হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/aa7ecb98-bad1-4915-85fa-c7adb559705d/4e2b3e30_eb5d_4e7a_bf98_7e8e02242d08.jpg)
বৰপেটাৰ থলুৱা শিল্পীৰ হাতৰ পৰশত নিৰ্মিত এই আটচবাজী উপভোগ কৰিবলৈ সত্ৰৰ চোতালত লোকেলোকাৰণ্য পৰিৱেশৰ সৃষ্টি হয়। ইয়াৰ পাছত মেজি প্ৰজ্বলন কৰি কলীয়া গোঁসাইক মেজিৰ চৌপাশ প্ৰদক্ষিণ কৰোৱা হয়। ইয়াৰ পাছত কলীয়া গোসাইক দৌলত আৰোহণ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/7597e2f7-7100-4236-b7c1-d0937770501b/b925e896_e3b5_4a33_ae31_8c931b9e7ce1.jpg)
Also Read: নাগালেণ্ড বিজেপি বিধায়নী দলৰ নেতা হিচাপে পুনৰ নিৰ্বাচিত উপ মুখ্যমন্ত্ৰী য়ানথাংগু পেট্টন