/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/dafa03c4-089c-472d-a546-a542cd32efc6/u9.jpg)
ডিজিটেল সংবাদ ,বেকাজানঃ বিজেপিৰ জ্যেষ্ঠ নেতা, ৱাই পেট্টনক পুনৰ বিজেপি বিধানসভা দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হৈছে । লগতে তেওঁ নেইফিউ ৰিঅৰ চৰকাৰৰ উপ-মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হ’ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/cd003a08-7114-404e-8918-adefa3ce0d4d/8757feff_05f5_4ed8_aa03_0ff31799f3e4.jpg)
সোমবাৰে ক'হিমাত সংবাদ মাধ্যমৰ আগতে এই কথা সদৰী কৰে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা নাগালেণ্ডৰ প্ৰভাৰী নলিন কোহলীয়ে। তেওঁ কয় যে কেন্দ্ৰীয় পৰ্যবেক্ষক তথা অসমৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সকলো নিৰ্বাচিত বিজেপি বিধায়কৰ সৈতে এক মাৰাথন বৈঠক অনুষ্ঠিত কৰে । বৈঠকত সৰ্বসন্মতিক্ৰমে ৱাই পেট্টনক বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/4e56a9ea-3f55-4a37-b27e-804f95e69386/8a18055f_fc43_48f7_83f0_5bbb4ca41909.jpg)
লগতে তেওঁ কয়, ৰাজ্যিক বিজেপিৰ সভাপতি টেমজেন ইমনা আলঙে পেটনৰ নাম প্ৰস্তাৱ কৰে আৰু দুজন জ্যেষ্ঠ বিধায়ক জেকব জিমোমি আৰু পাইৱাং কন্যাকে সমৰ্থন কৰে। বিজেপি বিধানসভা দলে এনডিপিপিৰ সমৰ্থনত নাগালেণ্ডত পৰৱৰ্তী চৰকাৰ গঠন কৰিব। ইয়াৰ উপৰিও কোহলীয়ে আন দলৰ সৈতে মিত্ৰতা গঢ়ি তোলাৰ সকলো জল্পনা-কল্পনা খণ্ডন কৰি কয় যে নাগালেণ্ডত মাত্ৰ এটা মিত্ৰতা আছে সেইটো হৈছে এন ডি পি পি-বিজেপি মিত্ৰজোঁট।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/f6c36256-b3f8-4854-8fd1-e092c0369a67/1cc820f0_d8c4_4f83_9dca_8db4569d8a46.jpg)
বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰগৰাকীয়ে কয় যে নাগালেণ্ডৰ জনসাধাৰণে তেওঁলোকক শান্তি আৰু উন্নয়নৰ বাবে ভোট দিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কেন্দ্ৰত আৰু এনডিপিপি নেতা নেইফিউ ৰিঅ’ই নাগালেণ্ডত নেতৃত্ব দি ডাবল ইঞ্জিন চৰকাৰ হিচাপে কাম অব্যাহত ৰাখিব ।
Also Read: মাংগলিক ধ্বনি আৰু আয়তীৰ উৰুলিৰে মুখৰিত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা