যুৱতীক হত্যাৰ চেষ্টা কৰা ইব্ৰাহিম আৰক্ষীৰ জালত...

যুৱতীক হত্যাৰ চেষ্টা কৰা ইব্ৰাহিম আৰক্ষীৰ জালত...

ডিজিটেল ডেস্কঃ চানমাৰী আৰক্ষীৰ জালত ইব্রাহিম। শনিবাৰে আৰক্ষীয়ে ধাৰাপুৰৰ পৰা গ্রেপ্তাৰ কৰে ইব্রাহিমক। মহানগৰীৰ গান্ধীবস্তিত এগৰাকী যুৱতীক আক্রমণ কৰিছিল ইব্রাহিমে।

উল্লেখ্য যে, ১০ এপ্রিলৰ নিশা গান্ধীবস্তিত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী যুৱতীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ৰাজপথত পেলাই থৈ গৈছিল। তাৰ পাছত স্থানীয় ৰাইজে যুৱতীগৰাকীক উদ্ধাৰ কৰি জিএমচিএইচলৈ প্ৰেৰণ কৰিছিল।

তেতিয়াৰ পৰাই পলাতক আছিল অভিযুক্ত ইব্ৰাহিম।ইতিমধ্যে উদ্ধাৰ কৰা হৈছে ইব্রাহিমে আক্রমণৰ সময়ত ব্যৱহাৰ কৰা দা খন।

সম্প্রতি সংকটজনক অৱস্থাত চিকিৎ‍সাধীন হৈ আছে যুৱতীগৰাকী। স্থানীয়ই সন্দেহ কৰা অনুসৰি প্ৰেমজনিত কাৰণত এই ঘটনা সংঘটিত হৈছিল। অৱশ্যে এতিয়া স্পষ্ট হোৱা নাই এই কাণ্ডৰ কাৰণ। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ পাছতহে পোহৰলৈ আহিব প্ৰকৃত কাৰণ।

যুৱতীক হত্যাৰ চেষ্টা কৰা ইব্ৰাহিম আৰক্ষীৰ জালত...
ঘিলামৰাত ইন'ভাৰ খুন্দাত বাইক আৰোহী আহত
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in