সমৰ্থন কৰাৰ আগতে প্ৰতিজন অসমীয়াক সোধক গামোচা কি হয়...

গামোচা প্ৰতিজন অসমীয়াৰ স্বাভিমান। শুভ কামৰ পৰা আৰম্ভ কৰি দৈনিক বিভিন্ন কাম-কাজত ব্যৱহাৰ কৰা হয় গামোচাখন।
সমৰ্থন কৰাৰ আগতে প্ৰতিজন অসমীয়াক সোধক গামোচা কি হয়...

ডিজিটেল ডেস্কঃ গামোচা প্ৰতিজন অসমীয়াৰ স্বাভিমান। শুভ কামৰ পৰা আৰম্ভ কৰি দৈনিক বিভিন্ন কাম-কাজত ব্যৱহাৰ কৰা হয় গামোচাখন। যেতিয়া অসমীয়াৰ গামোচা এখন প্ৰধানমন্ত্ৰী, দেশৰ আগশাৰীৰ ব্যক্তি, বিদেশৰ মানুহৰ ডিঙিত দেখো আমি গৌৰৱ অনুভৱ কৰো।

কিন্তু এই গামোচাক কৰা অপমান সহি থাকিব পাৰি নেকি? ২৬ মাৰ্চত অসমত সৃষ্টি হৈছিল বিতৰ্কৰ। বৰাক-ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ কথা বুজাবলৈ গামোচাখনকে কৰিলে অপমান। "মালিগাওঁ বাংলা সাহিত্য সভা"ই কৰিলে এই কাণ্ড।

সমগ্ৰ অসমতে উঠিল প্ৰতিবাদৰ জোৱাৰ। একাংশই বিৰোধিতা কৰিলে গামোচাৰ এই অপমানক। কিন্তু ৰাজ্যৰ একাংশ আগশাৰীৰ লোকে ইয়াক সমৰ্থন কৰাহে দেখা যায়।ৰাজ্যৰ একাংশ আগশাৰীৰ ব্যক্তিৰ মতে এয়া এক ভাল কাম। ইয়াত কোনো ভুল নাই। সমন্বয় বুজাবলৈ গামোচাখন তেনেকৈ ব্যৱহাৰ কৰা হৈছে।

এয়া জানো গ্ৰহণ যোগ্য? গামোচাখনক অপমান কৰিলে কিয় গাত নালাগে একাংশৰ? কথাতে কয়, অসমীয়াই নিজৰটো ধৰি ৰাখিব নাজানে, অসমীয়া কেকোৰা জাতি। হয়তো অন্য ৰাজ্যত এনে এটা কাম কৰিবলৈ কোনোৱে সাহস নাপালেহেতেন। অসমত সাহস পাই, কাৰণ অসমৰ একাংশ মানুহৰ নিজস্বতা বুলিবলৈ একোৱেই নাই।

সমন্বয়ৰ প্ৰতীক বুলি কৈ যদি কোনোবাই অন্য দেশ আৰু ভাৰতৰ পতাকা জোৰা লগাই দিয়ে তেন্তে চৰকাৰ বা জনতাই মনে মনে থাকিব নেকি? অযুক্তিকৰ কথা কিছুমান মানুহৰ মুখত শোভা নাপায়।

গামোচাৰ এক বিশেষ পৰিচয় আছে। গামোচা অপমানৰ সমৰ্থন কৰা সকলে প্ৰতিজন অসমীয়াক সোধক গামোচা কি হয় । সমন্বয় গঢ়াৰ বহু উপাই আছে। কিন্তু প্ৰথমে নিজৰ খিনি নিজৰ হৈ থাকিবলৈ দিয়াতো ভাল। নহ'লে কেতিয়া নিজৰ ভৰিৰ তলৰ মাটি নোহোৱা হ'ব একাংশই গ'মেই নাপাব।

সমৰ্থন কৰাৰ আগতে প্ৰতিজন অসমীয়াক সোধক গামোচা কি হয়...
ঠিকাদাৰ অনিল দাসৰ ঘৰ আৰু কাৰ্যালয়ত আয়কৰ বিভাগৰ তালাচী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in