/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/966a410f-7431-4a7f-a95c-9567915b48b2/rangia_26.jpg)
ৰঙিয়াত নগদ ধনসহ জুৱাৰীক আটক...
ডিজিটেল সংবাদ ৰঙিয়াঃ ৰঙিয়াত আজি নগদ ধনসহ এগৰাকী জুৱাৰীক আৰক্ষীয়ে আটক কৰে। ধৃত জুৱাৰীটো হৰি দাস(৪০) বুলি আৰক্ষী সূত্ৰই জনায়। ঘটনাৰ বিৱৰণী অনুসৰি ৰঙিয়াৰ সমীপৰ বিহদিয়া জাঁজিকোণাত গোপন সূত্ৰৰ পম খেদি ৰঙিয়া আৰক্ষীয়ে এক অভিযান চলায় ।
এই অভিযানত আৰক্ষীয়ে হাতে লোটে ধৃত জুৱাৰীটোক আটক কৰি থানালৈ লৈ আনে । আটকাধীন সময়ত জুৱাৰীটোৰ পৰা নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় যদিও আৰক্ষী অহাৰ উমান পোৱা পিছত আনগৰাকী জুৱাৰী পলায়ন কৰে।
ইফালে আটকাধীন জুৱাৰীটো হৰি দাস ৰঙিয়াৰ মধুকুছিৰ ৩ নং হচং গাঁৱৰ বাসিন্দা বুলি সূত্ৰটোৱে প্ৰকাশ কৰে। সম্প্ৰতি অধিক তথ্যৰ বাবে থানাত আৰক্ষীয়ে সোধা পোচা অব্যাহত ৰাখিছে।
Also Read: চিলাপথাৰ ৰে'ল ষ্টেচন উন্নীতকৰণ বাবে ৭.৮৮ কৌটি টকা...