বিশ্ব নহয়, এছিয়াৰ ধনী ব্যক্তিৰ তালিকাৰ পৰাও নাম বাহিৰ হ'ব পাৰে আদানীৰ

বিশ্বৰ শীৰ্ষ ১০ গৰাকী ধনী ব্যক্তিৰ তালিকাৰ পৰা নাম আঁতৰিল ভাৰতীয় উদ্যোগতি গৌতম আদানীৰ। আদানী গ্ৰুপৰ বিভিন্ন শ্বেয়াৰৰ মূল্য হ্ৰাস পোৱা বাবে হয়তো তেওঁ এছিয়াৰ ধনী ব্যক্তিৰ তালিকাৰ পৰাও বাদ পৰিব।
বিশ্ব নহয়, এছিয়াৰ ধনী ব্যক্তিৰ তালিকাৰ পৰাও নাম বাহিৰ হ'ব পাৰে আদানীৰ
বিশ্ব নহয়, এছিয়াৰ ধনী ব্যক্তিৰ তালিকাৰ পৰাও নাম বাহিৰ হ'ব পাৰে আদানীৰ

ডিজিটেল ডেস্ক: বিশ্বৰ শীৰ্ষ ১০ গৰাকী ধনী ব্যক্তিৰ তালিকাৰ পৰা নাম আঁতৰিল ভাৰতীয় উদ্যোগতি গৌতম আদানীৰ। আদানী গ্ৰুপৰ বিভিন্ন শ্বেয়াৰৰ মূল্য হ্ৰাস পোৱা বাবে হয়তো তেওঁ এছিয়াৰ ধনী ব্যক্তিৰ তালিকাৰ পৰাও বাদ পৰিব।

ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্সত প্ৰকাশ পাইছে এই তথ্য। প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি বিশ্বৰ তৃতীয় ধনী ব্যক্তিৰ পৰা ১১ তম স্থানলৈ আহিছে গৌতম আদানীৰ নাম। যোৱা তিনিটা ব্যৱসায়িক দিনত আদানিৰ ব্যক্তিগত সম্পত্তি ৩৪ বিলিয়ন ডলাৰ হ্ৰাস পাইছে।

আদানিৰ বৰ্তমানৰ সম্পত্তি হৈছে ৮৪.৪বিলিয়ন ডলাৰ। আনহাতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীৰ মুঠ সম্পত্তি হৈছে ৮২.২ বিলিয়ন ডলাৰ । তেওঁ বৰ্তমান বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ ১২ নং স্থানত আছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিণ্ডেনবাৰ্গৰ গৱেষণাৰ তথ্য প্ৰকাশ পোৱাৰ পাছতেই আদানীৰ কোম্পানীৰ শ্বেয়াৰবোৰৰ মূল্য় হ্ৰাস হ'বলৈ আৰম্ভ হৈছিল। এই গৱেষণাত আদানী গ্ৰুপৰ বিৰুদ্ধে জালিয়াতিৰ বিভিন্ন অভিযোগ উত্থাপন কৰিছে যি আদানী গ্ৰুপে নাকচ কৰিছে।

আৰু পঢ়ক: আমি এনে এখন ভাৰত গঢ়ি তুলিম য'ত নাথাকে কোনো দৰিদ্ৰতা: ৰাষ্ট্ৰপতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in