গহপুৰ মহকুমা প্ৰশাসনৰ ফটোগ্ৰাফি প্ৰতিযোগিতা....

গহপুৰ মহকুমা প্ৰশাসনৰ ফটোগ্ৰাফি প্ৰতিযোগিতা....

ডিজিটেল সংবাদ : গহপুৰ মহকুমা প্ৰশাসনৰ উদ্যােগত অহা ৫ জুনৰ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ফটোগ্ৰাফি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। গহপুৰ মহকুমাৰ ভিতৰত যি কোনো প্ৰাকৃতিক পৰিৱেশৰ ওপৰত (বিষয়বস্তু:-আপোনাৰ দৃষ্টিত প্ৰকৃতিৰ ভিন্ন ৰূপ) তোলা ফটোৰ ওপৰত অনুষ্ঠিত হ'ব উক্ত ফটোগ্ৰাফি প্ৰতিযোগিতা।

বয়সৰ কোনো সীমা নথকা উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা আগ্ৰহী প্ৰতিযোগী সকলে অহা ৪ (চাৰি) জুনৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব ফটো সমূহ।প্ৰতিযোগিতাৰ ফলাফল অহা ৫ জুনৰ বিশ্ব পৰিৱেশৰ দিনা ঘোষনা কৰা হ'ব।

প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে নিম্নোক্ত নম্বৰত হোৱাটছএপ যোগে ফটো প্ৰেৰণ কৰিব পাৰিব। হোৱাটছএপ নম্বৰ:-৮৪৮৬৮১৩৩৮৮ আৰু ৮৭৫২০১৪২০০

গহপুৰ মহকুমা প্ৰশাসনৰ ফটোগ্ৰাফি প্ৰতিযোগিতা....
শুভমণ গিলৰ শতকেৰে ফাইনেলত গুজৰাট টাইটানছ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in