শুভমণ গিলৰ শতকেৰে ফাইনেলত গুজৰাট টাইটানছ...

শুভমণ গিলৰ শতকেৰে ফাইনেলত গুজৰাট টাইটানছ...

ডিজিটেল ডেস্ক : এটাৰ পাছত আনটো দলক এফালৰ পৰা তুলাধুনা দি গৈছে এজন তৰুণে । কি কোহলী, কি ৰোহিত শৰ্মা । কোনোৱেই যেন শেহতীয়াকৈ তৰুণ জনৰ কাষ চাপিবলৈ পৰা নাই । এই প্ৰদৰ্শনৰেই চলিত বৰ্ষৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে আই পি এল অৰেঞ্জ কেপও নিশ্চিত কৰিলে ফাইনেলৰ পূৰ্বেই । এইজন তৰুণ আন কোনো নহয় বৰং ডিফেণ্ডিং চেম্পিয়ন গুজৰাট টাইটানছৰ শুভমণ গিল (Shubman Gill) ।

শেষ নিশা গুজৰাট টাইটানছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হোৱা কোৱালিফাইয়াৰ্ছ ২ ৰ মেচত পৰাক্ৰমী মুম্বাইক ৬২ ৰানত পৰাস্ত কৰি একেলেথাৰিয়ে দুবাৰকৈ ফাইনেলত প্ৰৱেশ কৰিলে গুজৰাটে ।

তৰুণ শুভমণ গিলৰ নাটকীয় ৬০ টা বলত ১২৯ ৰানৰ ইনিংছে অৰেঞ্জ কেপৰ তালিকাৰ শীৰ্ষত প্ৰতিষ্ঠা কৰিলে গিলক । বিগত দুখন মেচত দুটাকৈ শতক । দুয়োখনতেই বিস্ফোৰক ইনিংছ খেলি জয়ৰ মুখলৈ ঠেলি দিলে দলক । শুভমণ গিল অকলেই এতিয়া সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে চেন্নাইৰ বাবে । অৱশ্যে আই পি এলৰ অন্যতম শক্তিশালী দল চেন্নাই সম্পূৰ্ণ ৰূপে প্ৰস্তুত শুভমণ গিল কিম্বা গুজৰাট টাইটানছৰ বাবে ।

খেলখনত জয়ী হ'বলৈ মুম্বাই ইণ্ডিয়ানছক প্ৰয়োজন আছিল সৰ্বমুঠ ২৩৪ ৰানৰ । মুম্বায়ে ইয়াৰ পূৰ্বেও এনেধৰণৰ লক্ষ্য অতিক্ৰম কৰি পাইছে আই পি এলৰ ইতিহাসত । সূৰ্যকুমাৰ যাদৱে জয়ৰ প্ৰস্তুতিও চলাইছিল সাধ্যানুসাৰে । দুয়োগৰাকী অ'পেনাৰ বিফল হোৱাৰ পিছত মুম্বাইৰ ইনিংছ চম্ভালিবলৈ আহিছিল কেমেৰুণ গ্ৰীণ আৰু সূৰ্যকুমাৰ যাদৱ । কিন্তু মুম্বাইৰ আন বেটছমেন সকল বিফল হোৱাৰ পাছতেই অথলে গ'ল সূৰ্যকুমাৰ যাদৱৰ প্ৰচেষ্টা । ১৭১ ৰানতেই ইনিংছ সামৰিবলৈ বাধ্য হ'ল দলটিয়ে ।

এতিয়া অপেক্ষা মাথো ফাইনেললৈ । শুভমণ গিলে শতকৰ হেট্ৰিক অৰ্জন কৰে নে চেন্নাইৰ ব'লাৰৰ সন্মুখত বিধ্বস্ত হৈ পৰে সেইয়া চাবলৈ অপেক্ষা সকলোৰে ।

আমোদজনক ভাৱে আই পি এলৰ ষ্ট্ৰিমিং স্বত্বাধিকাৰী জিঅ'ত পোনপটীয়াকৈ টেলিকাষ্ট কৰা হৈছিল আই পি এল । ইয়াৰ পূৰ্বে মহেন্দ্ৰ সিং ধোনীয়ে বেটিং কৰিবলৈ আহোতে সৰ্বাধিক ২৫ লাখ মানুহে একেলগে ষ্ট্ৰিম কৰিছিল আই পি এল । তাৰ পাছত কেৱল শুভমণ গিলৰ বেটিঙৰ সময়তেই দেখা গ'ল অনুৰূপ ষ্ট্ৰিমিং । এয়াই হৈছে শুভমণ গিলৰ বিস্ফোৰক বেটিঙৰ যাদু ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in