আলফা স্বাধীনৰ শিবিৰ এৰি অহাৰ যো-জা একাংশ কেডাৰৰ: জি পি সিং

আলফা স্বাধীনৰ শিবিৰ এৰি অহাৰ যো-জা একাংশ কেডাৰৰ: জি পি সিং

ডিজিটেল ডেস্কঃ খাদ্য সংকটৰ গৰাহত আলফা স্বাধীনৰ একাংশ কেডাৰ। বুধবাৰে তিনিচুকীয়াত উপস্থিত হৈ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এই চাঞ্চল্যকৰ মন্তব্য প্ৰদান কৰে ।

স্বাধীনতা দিৱসৰ নিৰাপত্তা পৰ্যালোচনা সভাৰ অন্তত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয় যে, আলফা স্বাধীনৰ বহু কেইটা শিবিৰত ভয়ংকৰ খাদ্য সংকটে দেখা দিছে। যাৰ বাবে বহু কেডাৰ ঘৰলৈ উভতি আহিব বিচাৰিছে।

আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, বাৰিষা কালৰ বাবে মেলেৰীয়া ৰোগৰ প্ৰাদুৰ্ভাৱ যথেষ্ট বৃদ্ধি পোৱাত কেডাৰসকল মাতৃভূমিলৈ উভতি আহিব বিচৰাটো অন্য এক কাৰণ। শিবিৰসমূহত চাউলৰ অভাৱ হোৱা বুলি উল্লেখ কৰি জি পি সিঙে কয়- "ভাত অবিহনে এজন অসমীয়া যুৱকে কেনেদৰে থাকিব পাৰে?"

লগতে তেওঁ কয় যে, সূত্ৰযোগে তেওঁ ইতিমধ্যেই বহুতো কেডাৰে শিবিৰ এৰি উভতি আহিব বিচৰা খবৰ লাভ কৰিছে। কেডাৰসকলক সুৰক্ষিতভাৱে উভতাই অনাৰ প্ৰতিশ্ৰুতি দিলে তেওঁলোকে অতি শীঘ্ৰেই মাতৃভূমিলৈ উভতি আহিব।

কেডাৰসকলক সুকলমে উভতাই অনাৰ সন্দৰ্ভত অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ড আৰক্ষীৰ সৈতে আলোচনা কৰা বুলি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জানিবলৈ দিয়ে।

শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলফা স্বাধীনৰ মুখ্য় সেনাধ্যক্ষ পৰেশ বৰুৱাক অতিথি হিচাপে এসপ্তাহৰ বাবে অসম ভ্ৰমণ কৰিবলৈ কৰা আহ্বান সন্দৰ্ভত প্ৰশ্ন কৰাত জি পি সিঙে কয় যে, ৰাজ্যখনৰ উন্নতিৰ হকে সকলো আগবাঢ়ি আহিব লাগে আৰু ইয়াৰ অংশীদাৰ হ'ব লাগে।

আলফা স্বাধীনৰ শিবিৰ এৰি অহাৰ যো-জা একাংশ কেডাৰৰ: জি পি সিং
জামুগুৰিহাটৰ ইটাখোলাত জব্দ ৩০ লাখ টকা মূল্যৰ ড্ৰাগছ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in