/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/55926866-c3ef-430a-90d2-13904d17cbc0/a2.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ ভাৰতে ২০২৩ বৰ্ষত জি-২০ শীৰ্ষ সন্মিলনৰ অধ্যক্ষতাৰ দায়িত্ব লাভ কৰাৰ পিছত অসমত হ'বলগীয়া জি-২০ৰ অন্তৰ্গত দীৰ্ঘস্থায়ী বিত্তীয় কৰ্মী গোট (SFWG) আৰু য়ুথ-২০ৰ বৈঠকত অংশগ্ৰহণৰ বাবে অহা প্ৰতিনিধিৰ এটা দলে বুধবাৰে ইউনেস্কো'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে । দলটোক প্ৰথমে বন বিভাগৰ উচ্চপদস্থ বিষয়াসকলে কহঁৰাত থকা কাজিৰঙা সন্মিলন কেন্দ্ৰত বিভাগৰ দ্বাৰা বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা আৰু অন্য বন্যপ্ৰাণী অনুকূল ব্যৱস্থাৱলী সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/ef755e9e-3e02-4cd0-8048-1e13c611adab/8967c688_ecc0_439a_826d_e0925203fa4a.jpg)
ইয়াৰ পিছতেই প্ৰতিনিধি দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা আৰু বাগৰি বনাঞ্চলত জীপ ছাফাৰি কৰি কাজিৰঙাৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্য আৰু এটা খড়্গযুক্ত গঁড়কে ধৰি বিভিন্ন বন্যপ্ৰাণীৰ বিচৰণ প্ৰত্যক্ষ কৰে । উল্লেখযোগ্য যে বসুধৈব কুটুম্বকম বা এক পৃথিৱী, এক পৰিয়াল, এক ভবিষ্যতক মূল বিষয়বস্তু হিচাপে লৈ ভাৰতে এইবাৰ জি -২০ শীৰ্ষ সন্মিলনৰ অধ্যক্ষতা কৰিছে ।
এইবাৰৰ জি -২০ সন্মিলনত ইয়াৰ ১৯ খন সদস্য ৰাষ্ট্ৰ আৰু ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ লগতে ৯ খন অতিথি ৰাষ্ট্র আৰু আমন্ত্ৰিত আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰিছে । এই জি-২০ সন্মিলনৰ অংশস্বৰূপে গুৱাহাটী আৰু ডিব্ৰুগড়ত ৫ খন বৈঠক অনুষ্ঠিত হ'ব ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/7340a3d5-84c2-4043-83bb-030608c75e67/3d7e32de_0428_4a86_a071_2d7f62733f38.jpg)
ইয়াৰে গুৱাহাটীত অহা ২-৩ ফেব্ৰুৱাৰী, ৬ ৰ পৰা ৮ ফেব্ৰুৱাৰী, ১৩ ৰ পৰা ১৫ মাৰ্চ আৰু ৩ ৰ পৰা ৫ এপ্ৰিললৈ আৰু ডিব্ৰুগড়ত ২৪-২৫ মাৰ্চত বৈঠক অনুষ্ঠিত হ'ব । ভাৰতে ২০২২ চনৰ ১ ডিচেম্বৰৰ পৰা চলিত বৰ্ষৰ ৩০ নৱেম্বৰলৈকে জি-২০ শীৰ্ষ সন্মিলনৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ কৰিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/90e2a911-4c08-4fe5-9af9-a8024004bab5/55bc84a3_3071_4f52_a52a_802fc876d5ea.jpg)
জি-২০ হৈছে আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক সহযোগিতাৰ বাবে বিশ্বৰ এক অগ্ৰণী মঞ্চ । ১৯৯৯ চনত এছিয়ান বিত্তীয় সংকটৰ পিছতেই গোলকীয় অৰ্থনৈতিক আৰু বিত্তীয় বিষয়সমূহৰ আলোচনাৰ বাবে এটা ৰাষ্ট্ৰগোটৰ বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰসকলক লৈ জি-২০ গঠন কৰা হৈছিল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/d6ce5424-19fc-4802-bcde-a187311689f4/b1fcde26_8e50_4f8d_9339_6aab5480e7ae.jpg)
ইউৰোপীয় সংঘৰ উপৰি ইয়াৰ ১৯ খন সদস্যৰাষ্ট্ৰ হ'ল আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা, চীন, জাৰ্মানী, ফ্ৰান্স, ভাৰত, ইণ্ডোনেচিয়া, ইটালী, জাপান, কোৰিয়া, মেক্সিকো, ৰাছিয়া, চৌদি আৰৱ, দক্ষিণ আফ্ৰিকা, তুৰ্কী, ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/19ff9dfa-2645-4ad8-a7b4-557df8e86444/4a595d21_dda9_4300_88d9_c6932fd5ddef.jpg)