গজেন ৰাজখোৱাৰ মৃত্যুত নগাঁও জিলা সত্ৰ মহাসভাৰ শোক

গজেন ৰাজখোৱাৰ মৃত্যুত নগাঁও জিলা সত্ৰ মহাসভাৰ শোক

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা নিৱাসী তথা বটদ্ৰৱা থানৰ একান্ত সেৱক, থান পৰিচালনা সমিতিৰ কাৰ্যালয় সহায়ক, সু লেখক, শিল্পী পেঞ্চনাৰ গজেন ৰাজখোৱাৰ মঙলবাৰে পৰলোক প্ৰাপ্তি ঘটে। অত্যন্ত অমায়িক, ধাৰ্মিক, বিনয়ী স্বভাৱৰ ৰাজখোৱাৰ আকস্মিক বিয়োগত নগাঁও জিলা সত্ৰ মহাসভাই গভীৰ শোক প্ৰকাশ কৰে আৰু তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে।

ৰাজখোৱাৰ পৰিয়াল সমন্বিতে গুণমুগ্ধসকলৰ প্ৰতিও সমবেদনা জ্ঞাপন কৰা হয়। নগাঁও জিলা সত্ৰ মহাসভাৰ হৈ উৎপল মহন্তই "বৰদোৱাৰ ইতিহাস সম্বন্ধীয় কেইবাখনো গ্ৰন্থৰ ৰচক ৰাজখোৱাৰ বিয়োগ বটদ্ৰৱা থানৰ বাবে এক অপুৰণীয় ক্ষতি।" বুলি মন্তব্য প্ৰদান কৰে। ইফালে সাহিত্যকৰ্মী, শিল্পী গজেন ৰাজখোৱাৰ বিয়োগত নৰোৱা কুজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱ গোস্বামীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in