নগাঁও জিলাৰ জাগীয়াল পেটবঢ়া গাঁৱৰ লক্ষ্মীনাৰায়ণ সাংস্কৃতিক গোষ্ঠী আৰু পুথিভঁড়ালৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে বিভিন্ন প্ৰতিযোগিতা...

নগাঁও জিলাৰ জাগীয়াল পেটবঢ়া গাঁৱৰ লক্ষ্মীনাৰায়ণ সাংস্কৃতিক গোষ্ঠী আৰু পুথিভঁড়ালৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে বিভিন্ন প্ৰতিযোগিতা...

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ জাগীয়াল পেটবঢ়া গাঁৱৰ লক্ষ্মীনাৰায়ণ সাংস্কৃতিক গোষ্ঠী আৰু পুথিভঁড়ালৰ উদ্যোগত কালিৰে পৰা বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। কাৰ্য্যসূচী অনুসৰি ৰবিবাৰে পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলনৰ পাছত ১০ বজাত চিত্ৰাংকন প্ৰতিযোগিতা, ১১ বজাত কবিতা আবৃত্তি প্ৰতিযোগিতা আৰু বিয়লি ৩ বজাত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। নিশা ৯ বজাত সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।

উদযাপন সমিতিৰ সভাপতি প্ৰাণজিৎ বৰা, সম্পাদক বিতুল বৰা, সাংস্কৃতিক সম্পাদক মিন্টু বৰাকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থকা অনুষ্ঠানটিত নিশা ১১ বজাত একক আধুনিক নৃত্য প্ৰতিযোগিতা শুভ উদ্বোধন কৰে ঘাহী গাঁও পঞ্চায়ৰ সভানেত্ৰী কবিতা বৰাই। সাংবাদিক শিল্পী দিব্য জ্যোতি বৰুৱা, নাট্য শিল্পী ৰাতুল দাস, দিব্যজ্যোতি মেধিয়ে বিচাৰকৰ আসন গ্ৰহণ কৰা মঞ্চত ওৰে নিশা নগাঁও জিলাৰ শতাধিক নৃত্য শিল্পীয়ে নৃত্য পৰিৱেশন কৰে। ওৰে নিশাজুৰি অনুষ্ঠিত একক আধুনিক নৃত্য প্ৰতিযোগিতাত ক্ৰমে প্ৰথম স্থান লাভ কৰে ভাৰ্গৱী বৰা, দ্বিতীয় স্থান লাভ কৰে জীনা ৰস্মি শইকীয়া, তৃতীয় স্থান লাভ কৰে অঞ্জলি দাস, চতুৰ্থ স্থান লাভ কৰে কৃষ্টউ শিখা বৰা আৰু পঞ্চম স্থান লাভ কৰে জ্যোতি প্ৰসাদ বৰুৱাই।

নগাঁও জিলাৰ জাগীয়াল পেটবঢ়া গাঁৱৰ লক্ষ্মীনাৰায়ণ সাংস্কৃতিক গোষ্ঠী আৰু পুথিভঁড়ালৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে বিভিন্ন প্ৰতিযোগিতা...
একেটা বছৰতে খিতাপ দখলৰ হেট্ৰিকৰ দিশে মানচেষ্টাৰ চিটি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in