মাজুলীৰ মালাপিন্ধাত আদৰ্শ ফলমূলৰ বাগান প্ৰকল্প শুভাৰম্ভ

মাজুলীৰ মালাপিন্ধাত আদৰ্শ ফলমূলৰ বাগান প্ৰকল্প শুভাৰম্ভ

ডিজিটেল সংবাদ, মাজুলী : এখন আদৰ্শ ফলমূল বাগানৰ বৃহৎ প্ৰকল্প মাজুলীৰ মালাপিন্ধাত শুভাৰম্ভ কৰা হৈছে। প্ৰায় দুই কোটি টকীয়া ব্যয় সাপেক্ষে ৰূপায়ণ হব লগা এই প্ৰকল্প মংগলবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে নাবাৰ্ডৰ চি জি এম নবীন ধিংগ্ৰাই।

প্ৰকল্পৰ থলীত বাগানৰ যাৱতীয় কাম কাজ আগুৱাই নিয়াৰ ক্ষেত্ৰত লব লগা বিভিন্ন প্ৰযুক্তিগত দিশ,ইয়াৰ ব্যৱহাৰ, সতৰ্কতা তথা কৃষকৰ আত্ম নিয়োগৰ জৰিয়তে ইয়াৰ আৰ্থ-সামাজিক আদি বিভিন্ন বিষয় সন্দৰ্ভত কৃষকসকলৰ সৈতে মত-বিনিময় কৰে।

উল্লেখ্য যে, নাবাৰ্ডৰ অৰ্থ সাহাৰ্য্যত ডি ডি এম যোৰহাট আৰু মাজুলীৰ পৃষ্ঠপোষকতাত আয়াং ট্ৰাষ্টৰ উদ্যোগত মাজুলীৰ শ্ৰীলোহিত গাঁও পঞ্চায়ত অন্তৰ্গত মালাপিন্ধা গাঁৱৰ পথাৰ ১৬০ একৰ ভূমিত ১৬০ গৰাকী কৃষক পৰিয়ালক সামৰি লোৱা হৈছে। ট্ৰাইবেল ডেবেলপমেন্ট প্ৰকল্পৰ অধীনত জনজাতি উন্নয়ন পুঁজিৰে ৰূপায়ণ হ'ব লগা মুঠ প্ৰকল্পৰ পৰিমাণ হৈছে ২ কোটি ৩১ লাখ ৫ হেজাৰ টকা।

প্ৰাথমিক পৰ্যায়ত ৫০গৰাকী কৃষকক জড়িত কৰা হৈছে যদিও পৰৱৰ্তী পৰ্যায়ত ক্ৰমান্বয়ে ১৬০ গৰাকী কৃষকৰ সংখ্যা সম্পূৰ্ণ কৰি তুলিব। এই প্ৰকল্পৰ প্ৰতি আগ্ৰহ থকা লোকে এই কৃষিত জড়িত হব নোৱাৰিলে হস্ততাঁত বস্ত্ৰ শিল্পত জড়িত কৰা হ'ব।

এই বাগান প্ৰকল্পত প্ৰধানতঃ টোপাল আৰু পানীৰ ছাটি জলসিঞ্চন পদ্ধতিৰে কাৰ্য প্ৰণালী যুগুত কৰা হৈছে। এই প্ৰকল্পত মাজুলী কৃষি, জলসিঞ্চন, পশুপালন, হস্ততাঁত বস্ত্ৰ শিল্পকে ধৰি বিভিন্ন বিভাগ জড়িত হ'ব। মাজুলীৰ দৰে পিছপৰা অঞ্চলত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা আদৰ্শ ফলমূলৰ বাগান প্ৰকল্প শুভাৰম্ভ কৰাৰ লগত সংগতি ৰাখি মালাপিন্ধা ট্ৰাইবেল হাইস্কুল প্ৰেক্ষাগৃহত মুকলি সভা অনুষ্ঠিত হয়।

প্ৰায় দুই শতাধিক কৃষকে অংশগ্ৰহণ সভাত নাবাৰ্ড,গুৱাহাটীৰ চি জি এম নবীন ধিংগ্ৰা,এ জি এম গৌৰৱ ভট্টাচাৰ্য্য,ডি ডি এমৰ মন্টু দাস,এছ আৰ এল এমৰ ৰিংকুমনি বৰগোঁহাঞি, মাজুলী পশুপালন বিভাগৰ বিষয়া ডাঃ থানেশ্বৰ মুদৈ,হস্ততাঁত বস্ত্ৰ শিল্প মাজুলীৰ অধীক্ষক দীপক শইকীয়া, আয়াং ট্ৰাষ্টৰ সঞ্চালক প্ৰধান বিপিন ধানে,প্ৰকল্প বিষয়া দীক্ষিত পাই, জীৱন জাৱিকাৰ সঞ্চালক ধৰমজিৎ কুমাৰ,প্ৰকল্প সমন্বয়ক লকাম লজম, আদিকে ধৰি বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।

মাজুলীৰ মালাপিন্ধাত আদৰ্শ ফলমূলৰ বাগান প্ৰকল্প শুভাৰম্ভ
আৰ্চেনাল নে মানচেষ্টাৰ চিটি ? কঠিন হৈ উঠিছে প্ৰিমিয়াৰ লীগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in