মৰিয়নিত মহিলাৰ সুৰক্ষা, শিশু আৰু সৱলীকৰণৰ সজাগতা সভা

মৰিয়নিত মহিলাৰ সুৰক্ষা, শিশু আৰু সৱলীকৰণৰ সজাগতা সভা

ডিজিটেল সংবাদ, মৰিয়নিঃ মহিলাৰ সুৰক্ষা, নিৰাপত্তা আৰু সৱলীকৰণৰ ওপৰত মৰিয়নিত মঙ্গলবাৰে সোনোৱাল চাহ বাগিছাত বৃহৎ সজাগতা সভা অুষ্ঠিত হয়। এই সভাত অসম চৰকাৰৰ বিত্তীয় তথা সমাজ কল্যাণ মন্ত্ৰী অজন্ত নেওগৰ লগতে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, লোকসভাৰ সাংসদ তপন গগৈ, বিধায়ক ৰূপজ্যোতি কুৰ্মী, ভাস্কৰ বৰুৱাৰ তথা বহুকেইজন ৰাজনৈতিক নেতা আৰু যোৰহাট জিলাৰ আয়ুক্ত পুলক মহন্ত উপস্থিত থাকে।

অসম চৰকাৰৰ সমাজকল্যাণ বিভাগৰ উদ্যোগত আয়োজন কৰা এই সজাগতা সভাত মন্ত্ৰী অজন্ত নেওগে অসম চৰকাৰে মহিলাৰ সুৰক্ষা, নিৰাপত্তা আৰু সৱলীকৰণৰ ওপৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে ভাষণ প্ৰদান কৰে। আনহাতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নিৰ ১০গৰাকী যক্ষ্মা ৰোগীৰ চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰাৰ বিষয়ে এই সভাতে ঘোষণা কৰে।

মৰিয়নিত মহিলাৰ সুৰক্ষা, শিশু আৰু সৱলীকৰণৰ সজাগতা সভা
সলনি হৈছে ‘অচিন্ত্য নাৰায়ণ হিৰণ্য প্রভা সোঁৱৰণী সাহিত্য বঁটা-২০২২' প্ৰদানৰ দিন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in