হাজোত এন এছ ইউ আইৰ উদ্যোগত বিনামূলীয়া পাঠদান কাৰ্যসূচী

হাজোত এন এছ ইউ আইৰ উদ্যোগত বিনামূলীয়া পাঠদান কাৰ্যসূচী
Published on
Updated on

ডিজিটেল সংবাদ,হাজো : কামৰূপ গ্ৰাম্য জিলাৰ অন্তৰ্গত হাজোত এন এছ ইউ আইৰ সদস্যসকলে গ্ৰহণ কৰিছে এক উল্লেখনীয় পদক্ষেপ। ছাত্ৰ সংগঠনটোৰ সদস্যসকলৰ উদ্যোগত হাজোত চাৰিমহীয়া বিনামূলীয়া পাঠদান কাৰ্যসূচী হাতত লোৱাৰ কথা জানিববলৈ দিয়ে।

উদ্যোক্তাসকলে জনোৱা অনুসৰি ইয়াৰ জৰিয়তে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদান কৰোৱা হ’ব। বুধবাৰে অনুষ্ঠিত শুভ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে কংগ্ৰেছৰ কেইবাজনো দলীয় কৰ্মকৰ্তা তথা জ্যেষ্ঠ কৰ্মী।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে মূলতঃ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক গণিত, ইংৰাজী আৰু বিজ্ঞান বিষয়ত পাঠদান কৰোৱা হ’ব। ইতিমধ্যে ডেৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে এই বিনামূলীয়া পাঠদান কাৰ্যসূচীত অংশ লোৱা বুলি উদ্যোক্তাসকলে জনায়।

হাজোত এন এছ ইউ আইৰ উদ্যোগত বিনামূলীয়া পাঠদান কাৰ্যসূচী
মহানগৰীৰ আৰ্যনগৰত চিলিণ্ডাৰ বিস্ফোৰণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in