/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-06/29r2dve8/f4a46894-09a9-4e63-a1f1-932555e6d093.jpg)
ডিজিটেল সংবাদ, ৰঙিয়া : অসম আৰক্ষী আৰু কেন্দ্ৰীয় চৰকাৰৰ অৰ্ধ সামৰিক বাহিনীত নিয়োজিত হ'ব বিচৰা ৰঙিয়াৰ যুৱক-যুৱতীলৈ সুখবৰ কঢ়িয়াই আনিছে স্থানীয় বিধায়ক ভবেশ কলিতাই। বিধায়কগৰাকীৰ উদ্যোগত শাৰীৰিক পৰীক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ কৰা হয়।
ভাৰতীয় জনতা যুৱ মৰ্চাৰ উত্তৰ কামৰূপ জিলাৰ সহযোগত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বৃহস্পতিবাৰে বিয়লিৰ ভাগত শুভাৰম্ভ কৰা হয় প্ৰশিক্ষণ শিবিৰৰ। প্ৰায় ডেৰ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা শিবিৰৰ উদ্বোধন কৰে বিধায়ক ভবেশ কলিতাই।
উদ্বোধনী ভাষণ প্ৰসঙ্গত অংশগ্ৰহণকাৰী যুৱক যুৱতীসকল উপযুক্তভাৱে প্ৰশিক্ষিত হৈ দেশ মাতৃৰ সেৱাত নিয়োজিত হোৱাৰ আশা ব্যক্ত কৰে । উদ্বোধনী কাৰ্যসূচীত প্ৰশিক্ষকৰূপে অংশগ্ৰহণ কৰা আৰক্ষী বিষয়া বিপুল মেধীৰ লগতে আন কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।
Also Read: উত্তৰ লখিমপুৰ, কোঁৱৰ গাঁৱত অসম ভিত্তিত ভাওনা সমাৰোহ-২০২৫ প্ৰতিযোগিতাৰ আয়োজন