উত্তৰ লখিমপুৰ, কোঁৱৰ গাঁৱত অসম ভিত্তিত ভাওনা সমাৰোহ-২০২৫ প্ৰতিযোগিতাৰ আয়োজন

উত্তৰ লখিমপুৰ, কোঁৱৰ গাঁৱত অসম ভিত্তিত ভাওনা সমাৰোহ-২০২৫ প্ৰতিযোগিতাৰ আয়োজন
Published on
Updated on

ডিজিটেল ডেস্ক: ধলপুৰ কচুৱা আঠাবাৰী শ্ৰীশ্ৰী গোপাল মহাপ্ৰভু থানৰ সৌজন্যত আৰু লখিমপুৰ জিলা ৰাইজৰ সহযোগত অসম ভিত্তিত ভাওনা সমাৰোহ-২০২৫ আয়োজন কৰা হৈছে। জোনাকী যুৱ সংঘৰ খেলপথাৰ, কোঁৱৰ গাঁৱৰ উত্তৰ লখিমপুৰত আয়োজন কৰা এই প্ৰতিযোগিতা ২০২৫ বৰ্ষৰ ১৩ মাৰ্চৰ পৰা ১৯মাৰ্চলৈ অসম ভিত্তিত অনুষ্ঠিত হ’ব।

গোবিন্দ ক্ষেত্ৰত অনুষ্ঠিত হ’ব লগা এই ভাওনা সমাৰোহ প্ৰতিযোগিতাখনিত অংশগ্ৰহণৰ বাবে উদযাপন সমিতিৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে। ভাওনা প্ৰতিযোগিতাখনত প্ৰথম স্থান লাভ কৰা দলটোক ৭০,০০১টকা, দ্বিতীয় স্থান লাভ কৰা দলক ৬০,০০১টকা, তৃতীয় স্থান লাভ কৰা দলক ৫০,০০১টকা আৰু শৃংখলাৱদ্ধ দলক ১৫,০০১ টকা পুৰস্কাৰৰে পুৰস্কৃত কৰা হ’ব।

ইয়াৰ উপৰিও শ্ৰেষ্ঠ গায়ন-বায়ন, শ্ৰেষ্ঠ ভগৱানৰ চৰিত্ৰ, শ্ৰেষ্ঠ দোহাৰ, শ্ৰেষ্ঠ সূত্ৰধাৰ, শ্ৰেষ্ঠ পুৰুষ চৰিত্ৰ, শ্ৰেষ্ঠ শিশু চৰিত্ৰ, শ্ৰেষ্ঠ মুখা শিল্প, শ্ৰেষ্ঠ নাৰী চৰিত্ৰ, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ নাৰদ, শ্ৰেষ্ঠ নাট্যৰূপকাৰৰ পুৰস্কাৰ প্ৰদান কৰিব এই প্ৰতিযোগিতাত।

উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা দলসমূহে নাটৰ নাম, দলপতিৰ নাম, সহ দলপতিৰ নাম, যোগাযোগৰ ঠিকনা, মোবাইল নম্বৰ আৰু স্পষ্ট আখৰেৰে লিখা ৪খন পাণ্ডুলিপিসহ উদযাপন সমিতিক ১৫ নৱেম্বৰ ২০২৪ৰ ভিতৰত জমা দিব লাগিব। এই প্ৰতিযোগিতাত যোগদানৰ মাচুল ২,০০০ টকা ধাৰ্য কৰা হৈছে।

এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা দলসমূহে তলত উল্লেখ কৰা ঠিকনাত যোগাযোগ কৰিব পাৰিব-

  • নগেন্দ্ৰ নাথ শৰ্মা

  • ফোন- ৮৬৩৮৭৬৬১০৫

  • নকাড়ী, ৱাৰ্ড নং ২(২নং ৰেল গেট)

  • উত্তৰ লক্ষীমপুৰ,৭৮৭০০১

  • শ্ৰীশ্ৰী গোপাল মহাপ্ৰভু, মুখ্য কাৰ্যালয়

  • অসম ভিত্তিত ভাঁওনা সমাৰোহ, ফোন ৭০০২৭০৩৪৫১

  • ৱাৰ্ড নং ১২, বৰমূৰীয়া তিনিআলি, উত্তৰ লক্ষীমপুৰ, পিন ৭৮৭০৩১

ইয়াৰোপৰি ভাওনা মঞ্চ পৰিচালক নগেন্দ্ৰ নাথ শৰ্মা ( ৮৬৩৮৭৬৬১০৫), সাংস্কৃতিক বিভাগৰ সভাপতি দিগন্ত কুমাৰ শইকীয়া ( ৮৪৭৩৯৯০৯৬২) আৰু লক্ষী দত্ত( ৬০০০৫৬৭৭৩২)ত যোগাযোগ কৰিব পাৰিব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে।

উত্তৰ লখিমপুৰ, কোঁৱৰ গাঁৱত অসম ভিত্তিত ভাওনা সমাৰোহ-২০২৫ প্ৰতিযোগিতাৰ আয়োজন
ভাল খবৰঃ ৪০হাজাৰ চৰকাৰী চাকৰি ওলাইছে! ইয়াৰে ৪হাজাৰ পদ মহিলাৰ বাবে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in