/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/62a12308-c540-4a2b-b7d6-04c540481c50/m10.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ বৃক্কৰ ৰোগত আক্ৰান্ত ডায়েলাইছিছৰ প্ৰয়োজন হোৱা ৰোগীসকললৈ ৰাজ্য চৰকাৰে আগবঢ়োৱা বিনামূলীয়া ডায়েলেছিছ সেৱা গোলাঘাটত অব্যাহত আছে বুলি জিলা স্বাস্থ্য বিভাগে জনাইছে। এই উদ্দেশ্যে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ কাৰ্যসূচীৰ অধীনত বিনামূলীয়া ডায়েলাইছিছ সেৱা আগবঢ়াই অহা হৈছে ।
উল্লেখযোগ্য যে ২০২১ চনৰ ৮ ছেপ্টেম্বৰত এই সেৱা আৰম্ভ কৰা হৈছিল। দেওবাৰৰ বাহিৰে সপ্তাহৰ ৬ টা দিনেই ৰাইজৰ সেৱাত উৎসর্গিত এই ডায়েলাইছিছ কেন্দ্ৰত হেম'ডায়েলাইছিছ সেৱাও আগবঢ়োৱা হয় বুলিও স্বাস্থ্য বিভাগে লগতে জানিবলৈ দিয়ে।
আৰু পঢ়কঃ চাহ বিক্ৰি কৰি আদৰ্শ দেখুৱাইছে নগাঁৱৰ দুই উচ্চ শিক্ষিত যুৱকে
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us