ঢকুৱাখনাত অসম ভিত্তিত ভলীবল ৰেফাৰী পৰীক্ষা আৰম্ভ

ঢকুৱাখনাত অসম ভিত্তিত ভলীবল ৰেফাৰী পৰীক্ষা আৰম্ভ

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত অসম ভিত্তিত ভলীবল ৰেফাৰী পৰীক্ষা আৰম্ভ

ডিজিটেল সংবাদ,ঢকুৱাখনা: শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে ঢকুৱাখনা পৌৰসভাৰ কাৰ্য্যালয়ৰ সভাকক্ষত আৰম্ভ হৈছে ৰেফাৰী চেমিনাৰ আৰু তৃতীয় শ্ৰেণীৰ ভলীবল ৰেফাৰী পৰীক্ষা। অসম ভলীবল সন্থাৰ তত্বাৱধানত ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত কাৰ্যসূচীত অসম ভলীবল ৰেফাৰী বৰ্ডৰ অধ্যক্ষ ধনজিৎ কুমাৰ দাস উপস্থিত থাকে।

Advertisment

লগতে অসম ভলীবল সন্থাৰ প্ৰাক্তন বিত্ত সম্পাদক তথা অসম ভলীবল সন্থাৰ টেকনিকেল সমিতিৰ চেয়াৰমেন পুতুল বৰুৱা,ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি প্ৰদীপ চমুৱা,ঢকুৱাখনা ফুটবল ৰেফাৰী বৰ্ডৰ সভাপতি উত্তম বৰুৱা, ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ উপদেষ্টা শৈলেন বৰুৱা,প্ৰদীপ বুঢ়াগোহাঁই, কিৰণ গোঁহাই, প্ৰিয়ৰাম ফুকন, জিলা টাইকোৱান্দু সন্থাৰ সম্পাদক কৃষ্ণ কান্ত গগৈ ,ঘিলামৰা ক্ৰীড়া সন্থাৰ সম্পাদক বিদ্যুৎ দত্ত( নিতু) আদি গৰিষ্ঠ সংখ্যক জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়া উপস্থিত থাকে।

প্ৰথম দিনৰ কাৰ্যসূচীৰ আঁতধৰে জিলা ক্ৰীড়া সন্থাৰ সম্পাদক অচ্যুত চত্ৰধৰাই। প্ৰথম কাৰ্যসূচী ভলীবল কৰ্মশালা (চেমিনাৰ) উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক অমৃত পৱন বৰাই। অৰ্ধ শতাধিক পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাত অসম ভলীবল সন্থাৰ ৰাজ্যিক বিষয়ববীয়া সকলে সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰি ভলীবলৰ নিয়মাৱলী আৰু নীতি নিৰ্দেশনা সন্দৰ্ভত প্ৰণালীবদ্ধ বক্তব্য আগবঢ়ায়।

উল্লেখ্য যে দেওবাৰে পুৱা ১০ বজাৰ পৰা তৃতীয় শ্ৰেণীৰ ৰেফাৰী পৰীক্ষা অনুষ্ঠিত হ'ব । লিখিত আৰু মৌখিক পদ্ধতিৰে অনুষ্ঠিত হ'ব লগা এই পৰীক্ষা ঢকুৱাখনা বালিকা অভ্যসন মজলীয়া বিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হ'ব বুলি জিলা ক্ৰীড়া সন্থাৰ সম্পাদক অচ্যুত চত্ৰধৰাই জানিবলৈ দিছে ।

volleyball dhakuakhana volleyball referee examination Assam-wide volleyball