কম্বল বিক্ৰেতাৰ বেশত প্ৰবঞ্চক : ঋণ দিয়াৰ নামত শ্ৰমিকৰ পৰা ধন সংগ্ৰহ

টকা সংগ্ৰহ কৰি থকা অৱস্থাতে বাগিচাৰ সচেতনৰ লোকৰ সন্দেহ ওপজাত আৰক্ষীৰ লগত যোগাযোগ কৰে
কম্বল বিক্ৰেতাৰ বেশত প্ৰবঞ্চক
কম্বল বিক্ৰেতাৰ বেশত প্ৰবঞ্চক

ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাট জিলাৰ বিভিন্ন গ্ৰামাঞ্চল আৰু বাগিচা অঞ্চলৰ সহজ-সৰল লোক এতিয়া লক্ষ্য হৈ পৰিছে কেতবোৰ প্ৰবঞ্চকৰ ৷ মঙ্গলবাৰে সহজতে ঋণ দিয়াৰ নামত বাগিচাৰ শ্ৰমিকৰ পৰা টকা সংগ্ৰহ কৰা অবস্থাতে ৰাইজে আবদ্ধ কৰিলে এনে এজন প্ৰবঞ্চকক ৷

খুমটাইৰ তেলিশাল বাগিচাত সংঘটিত হৈছে এই ঘটনা ৷ জানিব পৰা অনুসৰি, প্ৰবঞ্চকজন প্ৰথমে কম্বল বিক্ৰী কৰি বাগিচাৰ লোকসকলৰ সৈতে চিনাকি হয় ৷ তাৰ পিছত ঋণ দিয়াৰ আভুৱা ভাৰি টকা সংগ্ৰহ আৰম্ভ কৰে ৷

মধ্যপ্ৰদেশৰ প্ৰবীণ চাৰণ নামৰ এই লোকজনে নিজাববীয়াকৈ তেলিশাল বাগিচাৰ শ্ৰমিকসকলক ২০হাজাৰ টকাকৈ লোণ দিয়াৰ নামত সংগ্ৰহ কৰিছিল ১৫০০ কৈ টকা ৷ ইতিমধ্যে কেইবাজনো ব্যক্তিৰ পৰা লোণৰ নামত সংগ্ৰহ কৰিছিল টকাখিনি ৷

টকা সংগ্ৰহ কৰি থকা অৱস্থাতে বাগিচাৰ সচেতনৰ লোকৰ সন্দেহ ওপজাত আৰক্ষীৰ লগত যোগাযোগ কৰে ৷ তাৰপিছতেই বাগিচাৰ লোকসকলে প্ৰবঞ্চকজনক আবদ্ধ কৰি ৰাখে ৷

এনেকৈয়ে লোণ দিয়াৰ নামত বহু ঠাইত প্ৰবঞ্চকটোৱে সংগ্ৰহ কৰিছে টকা ৷ প্ৰবঞ্চকটোক আবদ্ধ কৰাৰ পিছত লোকে লোকাৰণ্য হৈ পৰে তেলিশাল ৷ শেষত গোলাঘাট আৰক্ষী উপস্থিত হৈ প্ৰবঞ্চকটোক আটক কৰে ৷

কম্বল বিক্ৰেতাৰ বেশত প্ৰবঞ্চক
ধেমাজিত সোনোৱাল কছাৰী হুগ্ৰাল বংশৰ খনিৰী সঁচৰ বিশাল সন্মিলন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in