ধেমাজিত সোনোৱাল কছাৰী হুগ্ৰাল বংশৰ খনিৰী সঁচৰ বিশাল সন্মিলন

অহা দুবছৰৰ ভিতৰত হুংগ্ৰাল বংশৰ এক বংশাৱলী সভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো আলোচনা কৰে

author-image
Asomiya Pratidin
New Update
ধেমাজিত সোনোৱাল কছাৰী হুগ্ৰাল বংশৰ খনিৰী সঁচৰ বিশাল সন্মিলন

ডিজিটেল সংবাদ,চিলাপথাৰ : ভূমিপুত্ৰ সোনোৱাল কছাৰীসকলৰ এক অন্যতম বংশাৱলী হুগ্ৰাল বংশৰ খনিৰী সঁচৰ এখনি বিশাল সন্মিলন ধেমাজিৰ যঁট কটীয়া গাঁৱত যোৱা ১৮ মাৰ্চত অনুষ্ঠিত হৈ যায় । ধেমাজিৰ যঁট কটীয়া গাঁৱত অনুষ্ঠিত সন্মিলনত অংশগ্ৰহণ কৰে লখিমপুৰ, জোনাই,ধেমাজি,ডিব্ৰুগড়, তিনিচুকীয়া আদি জিলাত থকা অৰ্ধ সহস্ৰাধিক বংশাৱলীৰ প্ৰতিনিধি ৰাইজে।

উঠি অহা প্ৰজন্মক নিজা বংশ বা সঁচৰ সন্দৰ্ভত চিনা পৰিচয় কৰাই দিয়াৰ লগতে বিভিন্ন সমস্যা আৰু সমাধানৰ লক্ষ্যৰে মিলিত হয় বংশাৱলীৰ ৰাইজ। স্মৃতি তৰ্পন পতাকা, উত্তোলন, পৰিচয় পৰ্ব সম্বৰ্ধনা আদিৰ পিছতে আৰম্ভ হোৱা মুকলি সভাৰ সঞ্চালনা কৰে বিশিষ্ট সমাজকৰ্মী দীপক সোনোৱালে।

খনিৰী সঁচৰ পংকজ সোনোৱালে আঁত ধৰা মুকলি সভাত ডিব্ৰুগড় দুলিয়াজানৰ বিশিষ্ট সমাজকৰ্মী পুতুল সোনোৱাল, সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি গোপাল সোনোৱাল, হুগ্ৰাল বংশৰ ডেকাৰী সঁচৰ প্ৰণৱ ডেকাবৰুৱা,জিতু ডেকা বৰুৱা,ওঝাৰী সঁচৰ নিতুল সোনোৱাল আদি অতিথি হিচাপে উপস্থিত থাকি বহু গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে।

সভাত হুগ্ৰাল বংশৰ ডেকাৰী সঁচৰ প্ৰতিনিধি তথা সাংবাদিক প্ৰণৱ ডেকা বৰুৱাই ভাষণ প্ৰসংগত সাম্প্ৰতিক প্ৰেক্ষাপটত বিভিন্ন কাৰণবশত স্বগোত্ৰীয় লোকৰ মাজত অজ্ঞতাৰ বাবেই হ্ৰাস পাইছে আত্মীয়তা। সোনোৱাল কছাৰী সকলৰ এই অন্যতম বংশাৱলীৰ ভৱিষ্যত প্ৰজন্মক সঁচ আৰু বংশৰ বিষয়ে সজাগ-সচেতন কৰাৰ অৰ্থে বংশাৱলী সভাসমূহ অনুষ্ঠিত হোৱাটো অতি প্ৰয়োজন বুলি কয়।

অহা দুবছৰৰ ভিতৰত হুংগ্ৰাল বংশৰ এক বংশাৱলী সভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো আলোচনা কৰে। উক্ত সভাতে খনিৰী সঁচৰ এখন তদৰ্থ সমিতি গঠন কৰে । সভাত খনিৰী সঁচৰ উন্নয়নৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আৰু সিদ্ধান্ত গ্ৰহণ কৰে ।

Also Read: গহপুৰত পাঞ্চজন্য বিহু দলৰ উদ্যােগত ঢোলবাদন- বিহুনাচৰ কৰ্মশালা

dynasty meeting