জাগীৰোড কাগজ কলৰ যন্ত্ৰাংশ বিক্ৰীৰ নামত বিয়াগোম জালিয়াতি !

জাগীৰোড কাগজ কলৰ যন্ত্ৰাংশ বিক্ৰীৰ নামত বিয়াগোম জালিয়াতি !

ডিজিটেল ডেস্কঃ কেইবাশ বিষয়া-কৰ্মচাৰীৰ জীৱনলৈ অন্ধকাৰ নমাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ দুটা বৃহৎ কাগজ উদ্যোগ জাগীৰোড আৰু পাঁচগ্ৰাম কাগজ কল লোকচান ভৰি থকাৰ নামত বন্ধ কৰি দিয়াৰ পিছত এইবাৰ জাগীৰোড কাগজ কলৰ অৱশিষ্ট যন্ত্ৰাংশ (স্ক্ৰেপ) বিক্ৰীৰ নামত বিয়াগোম জালিয়াতিৰ আশ্ৰয় লৈছে। স্বয়ং মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সৰ্বোচ্চ নিৰিখ দিবলৈ প্ৰস্তুত নিবিদাকাৰীক বঞ্চিত কৰি প্ৰায় ৫০ কোটি টকাৰ লোকচানত পছন্দৰ প্ৰতিষ্ঠানক জাগীৰোড কাগজ কলৰ স্ক্ৰেপ ক্ৰয়ৰ কাম দিবলৈ একপ্ৰকাৰ চূড়ান্ত কৰি তোলা হৈছে।

ৰাজ্যৰ ৰাজকোষৰ এই ভয়ানক নাটনিৰ সময়ত নিজৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে এতিয়া ৰাজ্যৰ ৰাজকোষক প্ৰায় ৫০ কোটিৰো অধিক ধনৰ পৰা বঞ্চিত কৰাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে।এই গুৰুতৰ অভিযোগ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ। বৃহস্পতিবাৰে ৰাজীৱ ভৱনত এখন সংবাদ মেলত দলৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই এই অভিযোগ তুলি কয় সমগ্ৰ ৰাজ্যখনকে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ পৈত্ৰিক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে।

মহন্তই কয় যে জাগীৰোড কাগজ কলৰ 'স্ক্ৰেপ' বিক্ৰীৰ বাবে অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডে (এ আই ডি চি) আহ্বান কৰা নিবিদা জাননীৰ প্ৰতি সঁহাৰি জনাই ৬টা বিভিন্ন প্রতিষ্ঠানে জাগীৰোড কাগজ কলৰ অৱশিষ্ট যন্ত্রাংশ (স্ক্রেপ) ক্ৰয়ৰ বাবে নিবিদা দাখিল কৰিছিল। ইয়াৰে সৰ্বাধিক নিৰিখ (১৩১,৩৩,৩৩,৩৩৩.০০ টকা)ত নিবিদা দাখিল কৰিছিল ‘শৈলজা কমাৰ্চিয়েল কনষ্ট্রাকচন প্রাইভেট লিমিটেড' নামৰ থলুৱা মালিকানাধীন প্রতিষ্ঠানটোৱে।

দ্বিতীয় সৰ্বাধিক নিখি (১০৫,৫৫,৫৫,৫৫৫.০০ টকা) আছিল ‘বজৰংবলী বাণিজ্য প্রাইভেট লিমিটেডে' আৰু তৃতীয় সৰ্বাধিক নিৰিখ (৯৫,০০,০০,০০0.00 টকা) ‘চিনাৰ ষ্টীল ছেগমেণ্ট চেণ্টাৰ প্রাইভেট লিমিটেডে দাখিল কৰিছিল যদিও এই সর্বোচ্চ নিৰিখত ‘স্ক্ৰেপ’ ক্ৰয় কৰিবলৈ নিবিদা দিয়া প্রথম তিনিওটা প্রতিষ্ঠানকে ক্ষমতাৰ জোৰত ‘অযোগ্য’ দেখুৱাই বাকী নিম্ন নিৰিখৰ নিবিদা দাখিল কৰা প্ৰতিষ্ঠান তিনিটাক যোগ্যতাৰ মোহৰ মাৰি মুখ্যমন্ত্ৰীৰ পছন্দৰ জনৈক “গোৱেংকা’ৰ মালিকানাধীন প্রতিষ্ঠানক ৫০ কোটি টকাৰ লোকচানত কাম দিবলৈ প্ৰায় ঠিৰাং কৰি পেলোৱা হৈছে।

উল্লেখযোগ্য যে দিছপুৰৰ নিৰ্দেশত 'যোগ্যতাৰ বাছনিত' উঠা আৰু ৫০ কোটিতকৈ অধিক টকাৰ কম নিখিত নিবিদা দাখিল কৰা প্ৰতিষ্ঠান তিনিটা হ'ল- ১) কে ডি আইৰণ এণ্ড ষ্টীল কোম্পানী (৮১,০০,০০,০০০.০০ টকা), ২) ছানৱামল খেটাৱট (৭৫,২৫,০০,০০০.০০ টকা) আৰু ৩) ৱিন্দ্ৰা ইঞ্জিনিয়াৰিং প্রাইভেট লিমিটেড (৭৫,১৫,০০,০০০.০০ টকা)। 'গোৱেংকা' উপাধিৰ ব্যৱসায়ী গৰাকীৰ ‘কে ডি আইৰণ এণ্ড ষ্টীল কোম্পানীক ৮২ কোটি টকাত সমস্ত কাম সপি দিবলৈ ইতিমধ্যে অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডে সিদ্ধান্ত চূড়ান্ত কৰিছে।

মহন্তই কয় যে সর্বাধিক নিখিত 'স্ক্রেপ' ক্ৰয় কৰিবলৈ নিবিদা দাখিল কৰা জনৈক 'কলিতা'ক কৌশলেৰে বঞ্চিত কৰি অসমৰ ৰাজকোষত সোমাবলগীয়া ধনৰ ৫০ কোটি টকা দেখ দেখকৈ লোকচান ভৰিবলৈ ওলোৱাৰ ৰহস্য কি ইয়াৰ এক উচ্চ-পৰ্যায়ৰ তদন্ত অসম প্ৰদেশ কংগ্ৰেছে দাবী কৰিছে আৰু মুখ্যমন্ত্ৰীৰ পৰা এই সম্পৰ্কত এটা সুস্পষ্ট ৰাজহুৱা স্থিতি কংগ্ৰেছে বিচাৰে।

অন্যথা স্পষ্ট হৈ পৰিব যে থলুৱা ব্যৱসায়ীৰ প্ৰতিষ্ঠানক বঞ্চিত কৰি আৰু ৰাজকোষৰ এক বৃহৎ অংকৰ ধন লোকচান ভৰিবলৈ প্রস্তুত হিমন্ত বিশ্ব শৰ্মা এই কেলেংকাৰীৰ সৈতে ওতঃপ্রোতভাৱে জড়িত। কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ গৰাকীয়ে কয় “কংগ্ৰেছ বহু বছৰ ৰাজ্যৰ শাসনত আছিল। প্ৰশাসনত আমাৰো মানুহ আছে। বহু শীর্ষ বিষয়াই এতিয়াও কংগ্ৰেছৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি চলিছে আৰু দুৰ্নীতি-অনিয়মৰ অনেক তথ্য সময়ে সময়ে আমাক যোগান ধৰি আছে। কিন্তু আমি গোপনীয়তা ৰক্ষা কৰি চলোঁ, কোনো পৰিস্থিতিতে সেইসকলৰ পৰিচয় আমি ৰাজহুৱা কৰাৰ প্রশ্ন নাই। জাগীৰোড কাগজ কলৰ এই গোপন জালিয়াতিৰ অধিক বিস্তৃত তথ্য প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ হাতলৈ আহিব। অচিৰে এই সকলো তথ্য ৰাইজৰ আগত দাঙি ধৰিবলৈ আমি সক্ষম হ'ম।”

মহন্তই লগতে কয় যে লুণ্ঠনৰ এই সমস্ত বিষয়টো অসম বিধানসভাৰ আগন্তুক অধিৱেশনত সজোৰে উত্থাপন কৰি অসমৰ বি জে পি চৰকাৰ আৰু মুখ্যমন্ত্ৰীগৰাকীৰ অভিসন্ধি উদঙাই দিবলৈ কংগ্ৰেছ বিধায়িনী দলৰ দলপতিক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই অনুৰোধ জনাব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in