বিশিষ্ট অভিনেতা, সমাজ কর্মী মুকুল নাথৰ বিয়োগ

বিশিষ্ট অভিনেতা, সমাজ কর্মী মুকুল নাথৰ বিয়োগ

ডিজিটেল সংবাদ,বেবেজীয়াঃ নগাঁও জিলা পশ্চিম-শেনচোৱা নিবাসী বিশিষ্ট অভিনেতা,সমাজকৰ্মী,কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত পৰিদৰ্শক মুকুল নাথ (৬৪) ৰ বিয়োগ।বুধবাৰে নিশা নিজা বাসগৃহত নাথৰ পৰলোকপ্ৰাপ্তি হয় ৷

বিগত কিছুদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ থকা মুকুল নাথ কৃষি বিভাগৰ এগৰাকী বিষয়া তথা সমাজৰ বিভিন্ন ক্ষেত্ৰত জড়িত হৈ থকাৰ লগতে সাংস্কৃতিক ক্ষেত্ৰত জড়িত হৈ বিভিন্ন মঞ্চত অভিনয়ৰ জড়িয়তে এগৰাকী সুদক্ষ অভিনেতা হিচাপে নিজকে চিনাকি দিবলৈ সক্ষম হৈছিল ৷

সহজ সৰল,অমায়িক,মৃদুভাষী,অতিকৈ ভদ্ৰ হিচাপে সৰ্বত্ৰে পৰিচয় দি অহা নাথে মৃত্যুৰ সময়ত পত্নী,এজন পুত্ৰ,দুগৰাকী কন্যাসহ অনেক আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে ৷ তেঁওৰ মৃত্যুত সমগ্ৰ পশ্চিম শেনচোৱাতে গভীৰ শোকৰ ছাঁ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in