/asomiyapratidin/media/media_files/2025/04/05/fAXsPcxm5tQOxHSGbVeq.jpg)
স্বাৱলম্বিতাৰ নিদৰ্শন
ডিজিটেল সংবাদ, জামুগুৰিহাট: জামুগুৰিহাটৰ বামুনিপাম পাটগাঁৱৰ চাৰিগৰাকী নিৱনুৱা যুৱকে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন। ৰঙালাও খেতি কৰি স্বাৱলম্বী হোৱাৰ লগতে আনলেও মুকলি কৰিছে স্বাৱলম্বিতাৰ বাট ৷ অঞ্চলটোৰ শিক্ষিত নিৱনুৱা যুৱক মণ্টু নৰহ, প্ৰশান্ত লিংকু, বাবুল মিলি আৰু ৰূপম নৰহে দহবিঘা মাটিত জৈৱিক পদ্ধতিৰে ৰঙালাও খেতি কৰি অৰ্জন কৰিছে সফলতা৷
কৰ্ম সংস্থাপন বিচাৰি বহিৰাজ্যলৈ যোৱাৰ পৰিবৰ্তে এই চাৰি গৰাকী শিক্ষিত নিৱনুৱাই পৰিয়ালৰ সৈতে ঘৰতে থাকি কৃষি কৰ্মৰ জৰিয়তে নিজকে স্বাৱলম্বী ৰূপে গঢ়ি তুলি পৰিয়াল ভৰণ-পোষনৰ পথ মুকলি কৰিছে। লগতে আন নিৱনুৱা সকলৰ সন্মুখত দাঙি ধৰিবলৈ সক্ষম হৈছে এক নিদৰ্শনৰ৷ বৰ্তমানলৈকে ১০ বিঘা মাটিত উন্নত প্ৰজাতিৰ ৰঙালাও খেতি কৰি উৎপাদিত এই ৰঙালাও সমুহ বিক্ৰী কৰি যথেষ্ট ধন উপাৰ্জন কৰিবলৈ সক্ষম হোৱা চাৰি যুৱকে এনেদৰেই উন্নত প্ৰজাতিৰ ৰঙালাও খেতি ৩০ বিঘালৈ সম্প্ৰসাৰণৰ যো-জা চলাইছে৷ “পথাৰ আমাৰ বজাৰ আমাৰ” এই শ্লগান লৈ আগবঢ়া যুৱ কৃষক কেইগৰাকীয়ে আন নিবনুৱা সকলকো কৃষি কৰ্মৰ জৰিয়তেই নিজক স্বনিৰ্ভৰশীল কৰি তুলিৱলৈ আহ্বান জনাইছে৷