/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/a071572a-034a-4793-a9ed-d67f3edfbbdc/6.jpg)
ডিজিটেল সংবাদ, মায়ংঃ নিউজিলেণ্ডৰ পৰা হেমিশ মাৰৰ নেতৃত্বত অহা ৪ জনীয়া প্ৰতিনিধিৰ দলটোৱে মৰিগাঁও জিলাৰ মায়ঙৰ ঝাৰগাঁও স্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাৰ উপস্থিতিত মৰিগাঁও জিলা কৃষি বিভাগৰ বিষয়া, কেভিকেৰ বিষয়ববীয়া আৰু আই আৰ আৰ আইৰ বিশেষজ্ঞসকলৰ সৈতে এক মতবিনিময় অনুষ্ঠানত মিলিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/3cfa894e-4ace-4436-98a9-b7b7afdd8d7d/2bb1ce15_c7f7_49eb_9ab2_a6863547da93.jpg)
অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালক ভাস্কৰ পেগু আৰু এপাৰ্টৰ প্ৰকল্প সঞ্চালক বীৰেন্দ্ৰ মিট্টালৰ উপস্থিতিত অনুষ্ঠিত মত বিনিময় অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়ে প্ৰথমেই অসমৰ কৃষি খণ্ডত কৃষি বিজ্ঞান কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে অৱগত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/225b516c-8707-459b-9c70-240621032bff/bb2f5977_2786_4ed4_88a9_637c3f3dcc34.jpg)
উক্ত অনুষ্ঠানত বিশেষকৈ অসমৰ কৃষি ব্যৱস্থা আৰু জলবায়ু, গুণগত মানদণ্ডৰ বীজ উৎপাদন, কৃষকৰ আয় আৰু উৎপাদন বৃদ্ধি, বজাৰ সংযোজন, আধুনিক কৃষি ব্যৱস্থা আৰু আধুনিক কৃষি যন্ত্ৰৰ ব্যৱহাৰ আদি বিভিন্ন বিষয়ত বিশদভাৱে আলোকপাত কৰা হয়। উক্ত অনুষ্ঠানত মৰিগাঁও জিলা কৃষি বিভাগৰ অধীনৰ পোহৰ ফাৰ্মাচ কোম্পানীৰ বিষয়ববীয়া সকলে গুণগত বীজ উৎপাদন, প্ৰয়োজনীয়তা আৰু উপকাৰ, কৃষক সকলে বীজ উৎপাদনৰ জৰিয়তে কেনেদৰে উপকৃত হৈছে সকলো বিষয়ে উপস্থাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/546e114d-6634-4852-bea9-b8515c33613f/ead11654_ada1_49a8_9046_ba652eb426c5.jpg)
ইয়াৰ পিছতে প্ৰতিনিধিৰ দলটোক আধুনিক কৃষি যন্ত্ৰ, কৃষি যন্ত্ৰৰ দ্বাৰা ধান, মাকৈৰ বীজ ৰোপন প্ৰক্ৰিয়া, বীজ উৎপাদন প্ৰক্ৰিয়া আদি বিষয়ত কৃষি বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা কাৰিকৰী প্ৰদৰ্শন কৰা হয়।
নিউজিলেণ্ডৰ প্ৰতিনিধি দলটোক অসম বিশ্ব বিদ্যালয়ৰ শিক্ষা সম্প্ৰসাৰণ সঞ্চালক ড০ মনোৰঞ্জন নেওঁগ, কৃষি সচিব তেজপ্ৰসাদ ভূষাল, কৃষি সঞ্চালকালয়ৰ শীৰ্ষ বিষয়া সকল, জিলা কৃষি বিষয়া অশোক কুমাৰ শৰ্মা, সহকাৰী কৃষি সঞ্চালক তপন কুমাৰ ব্ৰহ্ম, মহকুমা কৃষি বিষয়া মেহেদী আৰিফ হুছেইন, কৃষি পৰিদৰ্শক দিব্যজ্যোতি হাজৰিকা, অৰুণ ৰাজা, মিডিয়া বিশেষজ্ঞ গৌতম কুমাৰ নাথৰ লগতে আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ বিশেষজ্ঞ সকলৰ উপৰি মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়া-কৰ্মচাৰীসকলে সংগ দিয়ে।