কংগ্ৰেছৰ মিডিয়া কোষৰ অধক্ষ্যৰ পদ ত্যাগ ভৰত নৰহৰ

কংগ্ৰেছৰ মিডিয়া কোষৰ অধক্ষ্যৰ পদ ত্যাগ ভৰত নৰহৰ

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন। এতিয়াও অন্ত পৰা নাই কংগ্ৰেছৰ পদত্যাগৰ বতৰা। পুনৰ কংগ্ৰেছত মোক্ষম আঘাত লগাই পদত্যাগ কৰিলে ভৰত নৰহে। এপিচিচিৰ সংবাদ কোষৰ অধক্ষ্য পদ ত্যাগ কৰিলে ভৰত নৰহে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ভৰত নৰহে।

পত্নী ৰাণী নৰহে লখিমপুৰ সমষ্টিৰ পৰা টিকট বঞ্চিত হোৱাৰ পিছতে পদত্যাগ ভৰত নৰহৰ। পত্নী টিকটৰ পৰা বঞ্চিত হোৱাৰ বাবেই ভৰত নৰহে এই সিদ্ধান্ত লোৱা বুলি বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে । পদত্যাগ পত্ৰত ভৰত নৰহে পদ ত্যাগ কৰাৰ কোনো কাৰণ উল্লেখ কৰা নাই ।

উল্লেখযোগ্য যে শনিবাৰে বিয়লি সমষ্টিটোৰ প্ৰাৰ্থী হিচাপে উদয় শংকৰ হাজৰিকাৰ নাম ঘোষণা কৰা হয় । ইয়াৰ পিচতেই দেওবাৰে ভৰত নৰহে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ পদ ত্যাগ কৰে ।

কংগ্ৰেছৰ মিডিয়া কোষৰ অধক্ষ্যৰ পদ ত্যাগ ভৰত নৰহৰ
কাছাৰত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in