চাউল নিবলৈ বুলি ওলাই অহা ৪ আলফা কেডাৰ ম্যানমাৰ শিবিৰৰ পৰা পলায়ন

অৰুণাচলৰ ঘন জংঘলত এজন নিৰুদ্দেশ, তিনিজন পৰিল আৰক্ষীৰ জালত
চাউল নিবলৈ বুলি ওলাই অহা ৪ আলফা কেডাৰ ম্যানমাৰ শিবিৰৰ পৰা পলায়ন

ডিজিটেল সংবাদ, ফিল'বাৰী : আলফা (স্বা) ৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰাক্‌ক্ষণত চাউল, দাইল আদি ক্ৰয় কৰাৰ উদ্দেশ্যেৰে ম্যানমাৰৰ শিবিৰৰ পৰা শীৰ্ষ নেতৃত্বৰ নিৰ্দেশত ওলাই অহা চাৰিজনকৈ আলফা কেডাৰে পলায়ন কৰাৰ এক খবৰে উজনি অসমত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

শিৱিৰৰ বাবে চাউল নিবলৈ ওলাই অহাৰ সুযোগ পাই পলায়ণ কৰা আলফা (স্বা)ৰ সদস্য কেইগৰাকীৰ ঘৰ তিনিচুকীয়া জিলাত ৷ ম্যানমাৰৰ শিবিৰত প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতিৰ বাবে বিভিন্ন জন কেডাৰক পৃথক-পৃথককৈ শীৰ্ষ নেতৃত্বই সা-সামগ্ৰী আনিবৰ বাবে দায়িত্ব দিয়াৰ সময়তে চাৰিজনকৈ কেডাৰে এটা পিষ্টল আৰু ছয় জাইকৈ গুলীসহ পলায়ন কৰে ৷

ইয়াৰে এগৰাকীয়ে অৰুণাচলৰ টিৰাপত সেনা-আৰক্ষীৰ ওচৰত আত্মসমপৰ্ণ কৰাৰ বিপৰীতে আন দুগৰাকী সদস্য অৰুণাচলৰ খুনছা সমীপৰ চিংঘান বস্তিত চাংলাং আৰক্ষী-বেটেলিয়নৰ জালত পৰে ৷ যোৱা ১৩ এপ্ৰিলত অৰুণাচল আৰক্ষীৰ জালত পৰা সদস্য দুগৰাকী হ’ল ক্ৰমে পেঙেৰীৰ হিমাংশু ভূঞা আৰু মাৰ্ঘেৰিটাৰ মহন্ত বৰুৱা ৷ ইপিনে সেনাৰ ওচৰত আত্মসমৰ্পণ কৰা আলফা সদস্য গৰাকী হ’ল মদন ওৰফে মিন্টু অসম ৷ মিন্টুৰ ঘৰ পেঙেৰীৰ তৰাণীত ৷

যোৱা ৬ এপ্ৰিলতে আত্মসমৰ্পন কৰা সদস্য গৰাকীয়ে তিনিজাই গুলীসহ এটা পিষ্টল নিৰাপত্তা বাহিনীৰ হাতত জমা দিয়ে ৷ কিন্তু আলফা শিবিৰৰ পৰা পলায়ন কৰা চাৰিজনকৈ সদস্যৰ ভিতৰত তিনি গৰাকীয়ে ইতিমধ্যেই পৃথকে পৃথকে আৰক্ষী তথা সেনাৰ জালত পৰিছে যদিও আন গৰাকী সদস্যৰ এতিয়াও কোনো সন্ধান ওলোৱা নাই ৷

খবৰ অনুসৰি বৰ্তমানলৈকে সন্ধানহীন হৈ থকা সদস্য গৰাকী হ’ল পেঙেৰীৰ তৰাণী গাঁৱৰ পলাশ মৰাণ ৷ চাৰিজনীয়া দলটোৰ ভিতৰতে থকা পলাশ ক’ত, কেনেদৰে নিৰুদ্দেশ হৈ পৰিল সেই কথা এতিয়াও ৰহস্যৰ আৱৰ্তত ৷ ধৃত সদস্য কেইগৰাকীয়ে সতীৰ্থ পলাশ অৰুণাচলৰ লাজু এলেকাৰ গভীৰ অৰণ্যত দিশহাৰা হৈ নিৰুদ্দিষ্ট হৈ পৰা বুলি জানিবলৈ দিছে যদিও এই কথাত পতিয়ন যোৱা নাই সদস্য গৰাকীৰ পৰিয়ালবৰ্গ ৷

ইপিনে নিৰুদ্দিষ্ট সদস্য গৰাকীৰ সন্দৰ্ভত উত্থাপিত হ’ব ধৰিছে আন কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ ৷ পলায়ন কৰাৰ পাছতো সতীৰ্থৰ সৈতে মনোমালিন্য হৈ পুনৰ আলফা শিবিৰলৈ উভতি গ’ল নেকি পলাশ ? নে নিজা স্থিতিক লৈ পলাশ আৰু আন তিনি সদস্যৰ মাজত জংঘলৰ ভিতৰতে সংঘাতৰ সূত্ৰপাত ঘটিছিল ৷ এই সংঘাতত নিৰুদ্দিষ্ট পলাশ বলি হোৱা নাইতো !

ইফালে এটা পিষ্টল আৰু ছয় জাই গুলীসহ চাৰিজনীয়া এটা আলফাৰ দলে পলায়ন কৰা বুলি ইতিমধ্যেই সেনাধ্যক্ষ পৰেশ বৰুৱাইয়ো সদৰি কৰিছে ৷ ইয়াৰে মদন অসমে পিষ্টল আৰু তিনিজাই গুলীসহ আত্মসমৰ্পণ কৰাৰ বিপৰীতে আনদুগৰাকী সদস্য অৰুণাচলত নিৰাপত্তাৰক্ষীৰ জালত পৰিছে৷ তাৰ বিপৰীতে আনগৰাকী সদস্য পলাশ এতিয়াও নিৰুদ্দিষ্ট হৈ থকা বিষয়টোৱে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷

চাউল নিবলৈ বুলি ওলাই অহা ৪ আলফা কেডাৰ ম্যানমাৰ শিবিৰৰ পৰা পলায়ন
কংগ্রেছৰ পৰা নিলম্বনৰ দিশে ড০ অংকিতা দত্ত

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in