/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/424cd128-fadb-4801-8968-a4e840d6053e/a6.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা মহকুমাৰ বৃহত্তৰ কেঁকুৰী অঞ্চলত গুণগত আনুষ্ঠানিক শিক্ষা প্ৰসাৰণৰ লক্ষ্যৰে ১৯৮৯ চনত অঞ্চলটোৰ শিক্ষানুৰাগী ৰাইজে প্ৰতিষ্ঠা কৰিছিল কেকুৰী উচ্চ মাধ্যমিক বিদ্যালয় । শিক্ষাৰ্থীসকলক জ্ঞানৰ গৰিমাৰে উজ্জীৱিত কৰাৰ মহান উদ্দেশ্যেৰে স্থাপিত এইখন বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ৰাম প্ৰসাদ চুতীয়াই মঙ্গলবাৰে কৰ্মজীৱনৰ পৰা আনুষ্ঠানিক অৱসৰ গ্ৰহণ কৰে।
উল্লেখ্য যে ৰাম প্ৰসাদ চুতীয়াই ১৯৮৯ চনৰ ৯ জানুৱাৰীত বিদ্যালয়খনত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাবে যোগদান কৰিছিল। এই সুদীর্ঘ কালছোৱাত গ্ৰামাঞ্চলিয় শিক্ষাৰ্থীসকলক উৎকৃষ্ট মানৱ সম্পদ হিচাবে গঢ়ি তোলাত বৰেণ্য অৱদান আগবঢ়াই যোৱা চুতীয়াই ৩১ জানুৱাৰীত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।
পৰিপ্ৰেক্ষিতত বুধবাৰে উক্ত বিদ্যালয়খনৰ পৰিয়ালে অৱসৰকালীন সম্বৰ্ধনা জ্ঞাপন কৰি জ্যেষ্ঠ শিক্ষক ভুৱন খনিকৰক ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দায়িত্বভাৰ অৰ্পণ কৰে। এই কাৰ্যভাৰ প্ৰদান আৰু গ্ৰহণ অনুষ্ঠানত বিদ্যালয়ৰ সমূহ শিক্ষক কৰ্মচাৰী আৰু পৰিচালনা সমিতিৰ বিষয় ববীয়া উপস্থিত থাকি অৱসৰী প্ৰধান শিক্ষক ৰাকীৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি সম্বৰ্ধনা জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/93bbc7d6-0ea3-45c3-acfc-e7ff764040a6/c5e51300_aa00_4bd5_96bf_105fb0fef964.jpg)
আৰু পঢ়কঃ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত বাৰ্ষিক পালনামৰ প্ৰস্তুতি