কমলপুৰত একেদিনাই ২৭ টা পথৰ আধাৰশিলা স্থাপন...

এটা দুটা নহয়, কমলপুৰ বিধানসভা সমষ্টিত একেদিনাই ২৭ টাকৈ পথৰ আধাৰশিলা স্থাপন । শনিবাৰে এই আধাৰশিলা স্থাপন কৰে বিধায়ক দিগন্ত কলিতাই
কমলপুৰত একেদিনাই ২৭ টা পথৰ আধাৰশিলা স্থাপন...

ডিজিটেল সংবাদ, কমলপুৰঃ এটা দুটা নহয়, কমলপুৰ বিধানসভা সমষ্টিত একেদিনাই ২৭ টাকৈ পথৰ আধাৰশিলা স্থাপন । শনিবাৰে এই আধাৰশিলা স্থাপন কৰে বিধায়ক দিগন্ত কলিতাই । বিধায়কগৰাকীয়ে এদিনতে এনে উন্নয়নৰ আধাৰশিলাৰ কাম আৰম্ভ কৰাক লৈ সমষ্টিবাসী উৎফুল্লিত হৈ পৰিছে ।

বিধায়কগৰাকীয়ে আজি আধাৰশিলা স্থাপন কৰা পথসমূহৰ ভিতৰত মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মান আঁচনিৰ দ্বাৰা ১৭টা পথ পকীকৰণৰ আধাৰশিলা স্থাপন কৰা হৈছে । মুখ্যমন্ত্ৰীৰ পথ নবীকৰণ আঁচনিৰ দ্বাৰা তিনিটা পথ, মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ দ্বাৰা দুটা পথৰ আৰু STPD-G আঁচনিৰ দ্বাৰা এটা পথ নিৰ্মাণৰ আজি একেদিনাই আধাৰশিলা স্থাপন কৰি শুভাৰম্ভণি কৰা হয় ।

আজিৰ দিনটোত ২০টাতকৈ অধিক পথৰ আধাৰশিলা স্থাপন কৰি কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত বৰাই কয় যে প্ৰায় ৫০ কোটি টকাৰে এই পথসমূহৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে । যিমান দূৰ সম্ভৱ হয় পৰ্যায়ক্ৰমে সৰু সৰু ৰাস্তাসমূহৰো পকীকৰণৰ প্ৰচেষ্টা লোৱা হ'ব । লগতে বিধায়কগৰাকীয়ে কয় যে পাঁচ বছৰত সকলো পথ পকী কৰাটো সম্ভৱ নহয় । কিন্তু উন্নয়নৰ প্ৰচেষ্টা অব্যাহত থাকিব ।

কমলপুৰত একেদিনাই ২৭ টা পথৰ আধাৰশিলা স্থাপন...
সমাজত চলি থকা কু-সংস্কাৰৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ সজাগতামূলক অভিযান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in