সমাজত চলি থকা কু-সংস্কাৰৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ সজাগতামূলক অভিযান

 সমাজত চলি থকা কু-সংস্কাৰৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ সজাগতামূলক অভিযান

ডিজিটেল সংবাদ, চিৰাং : কাজলগাঁও আৰক্ষী থানাৰ উদ্যোগত নিষিদ্ধ ড্ৰাগছ, বাল্য বিবাহ আৰু সমাজত চলি থকা কু-সংস্কাৰৰ দূৰীকৰণ কৰাৰ লক্ষ্যৰে এক সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰা হয় । শনিবাৰৰ এই কাৰ্যসূচীৰ লগতে সঙ্গতি ৰাখি কাজলগাঁও থানাৰ আৰক্ষীয়ে জিলাখনৰ অতিকেই ব্যস্ততাপূৰ্ণ চাপাগুৰী চাৰিআলি আৰু জিলা সদৰ কাজলগাঁৱত যুৱ সমাজক ধ্বংসৰ মুখলৈ ঠেলি দিয়া নিষিদ্ধ ড্ৰাগছ, বাল্যবিবাহ আৰু সমাজত চলি থকা কুসংস্কাৰৰ বিৰুদ্ধে সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰে ।

চিৰাঙৰ উপ আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকাৰ উপস্থিতিত কাজলগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন গায়ন, অন্যান্য আৰক্ষী বিষয়া, জোৱান, যান-বাহন আৰক্ষীৰ উপৰি গৃহৰক্ষী বাহিনীৰ জোৱান সকলে হাতে হাতে বিভিন্ন সজাগতামূলক শ্লোগান সম্বলিত বেনাৰ, পোষ্টাৰ লৈ বাল্যবিবাহ আৰু নিষিদ্ধ ড্ৰাগছৰ লগতে সমাজত চলি থকা কুসংস্কাৰৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস চলাই যোৱা পৰিলক্ষিত হয়।

পৰৱৰ্তী সময়ত এই সজাগতামূলক কাৰ্যসূচী জিলাখনৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় সাঙুৰি বহল ভিত্তিত সজাগতা অভিযান চলোৱা হব বুলি চিৰাং জিলা সদৰ উপ আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকাই জানিবলৈ দিয়ে ।

 সমাজত চলি থকা কু-সংস্কাৰৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ সজাগতামূলক অভিযান
অইল ইণ্ডিয়াৰ গাফিলতি: টিংৰাই চাৰিআলিত হোৰাহোৰে নিৰ্গমন হৈছে খাৰুৱা তেল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in