ৰঙিয়াত ২৫ কোটিৰো অধিক ব্যয় সাপেক্ষে ২৫ টা পথৰ আধাৰশিলা স্থাপন...

বিধায়ক ভৱেশ কলিতাই স্থাপন কৰে এই আধাৰশিলা
ৰঙিয়াত ২৫ কোটিৰো অধিক ব্যয় সাপেক্ষে ২৫ টা পথৰ আধাৰশিলা স্থাপন...
ৰঙিয়াত ২৫ কোটিৰো অধিক ব্যয় সাপেক্ষে ২৫ টা পথৰ আধাৰশিলা স্থাপন...

ডিজিটেল সংবাদ ৰঙিয়াঃ ৰাজ্য চৰকাৰৰ বিকাশ যাত্ৰাৰ অংশস্বৰূপে আজি পুনৰ ৰঙিয়া সমষ্টিৰ কেইবাটাও স্থানত "মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনি ২০২৩-২৪''ৰ অধীনত মুঠ ২৫ কোটি টকাৰো অধিক ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া ২৫ টাকৈ গুৰুত্বপূৰ্ণ পথৰ(২৮ কিলোমিটাৰ) আধাৰশিলা স্থাপন কৰি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতাই। উল্লেখ্য যে, যাতায়তৰ ক্ষেত্ৰত জনসাধাৰণে যাতে কোনো ধৰণৰ অসুবিধা সন্মুখীন নহয় এই উদ্দেশ্যৰে এই পথ কেইটাৰ নিৰ্মাণৰ ব্যৱস্থা কৰি আহিছে।

আজিৰ এই আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি স্থানীয় বিধায়ক ভৱেশ কলিতাই কয়, আধাৰশিলা স্থাপন কৰা পথসমূহ সুন্দৰ ৰূপত নিৰ্মাণ হৈ উঠিলে যাতায়ত-যোগাযোগৰ ক্ষেত্ৰত অঞ্চলসমূহৰ ৰাইজ যথেষ্ট উপকৃত হ'ব পাৰিব।

যাতায়াত ব্যৱস্থা অধিক সূচল কৰি তোলাৰ নিমিত্তে আজি আধাৰশিলা স্থাপন কৰা পথসমূহ ক্ৰমে- বৰলীয়া নদীৰ মথাউৰী ওপৰৰ যোগেশ্বৰ বিদ্যাপীঠৰ পৰা বামুণ তোলা চুপালৈ সংযোগী পথ, কৰৰা-গড় ভিতৰৰ পৰা পলিষ্টাৰ চ'কলৈ আৰু আৰ ডি ৰোডহৈ বুনা সত্ৰৰ পৰা বৈদ্য গড় হাইস্কুললৈ পথ,তৰণী আৰিমত্ত গড়ৰ পৰা ১নং তুলসীবাৰী দূৰ্গা মন্দিৰলৈ সংযোগী পথ, গৰকা-আলগদিয়াৰ পৰা নাথ চুপালৈ পথ, হালিকুছি(ইচ্ছা পুৰ)নোনা পাৰ মথাউৰীলৈ সংযোগী পথ, আৰ ডি ৰোডৰ দ্বাৰকুছিৰ পৰা নোনা নদী কাষৰে নৱাদয় বিদ্যালয় সংযোগী পথ, দ্বাৰকুছিৰ পৰা নোনা নদী দলং পথ সৱলীকৰণ আৰু বহলীকৰণ, ৰঙিয়া-গোৰেশ্বৰ পথ সংযোগী পৰা বুটা ৰামৰ ঘৰ হৈ ৰঙিয়া মূৰৰা পেট্ৰল পাম লৈ সংযোগী পথ, নবীন লহকৰৰ পৰা হেমেন তালুকদাৰ ঘৰলৈ যোৱা পথছোৱা গৰকা গাঁওৰ সংযোগী পথ, চেপ্তি বিহদিয়া পথৰ পৰা কেকনিকুছি হৈ নকুছি বড়ো চুপা সংযোগী পথ, ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা মৰাণজানা পঞ্চায়ত ভৱন হৈ পামৈয় চুপা সংযোগী পথ,২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বঙালীকুছি সংযোগী পথ আৰু ৰঙিয়া-হাজো পথৰ পৰা বগলচ পথহৈ নিজ বড়িগোগ হাইস্কুল সংযোগী বগলচ পথলৈ পথৰ উপৰিও ৰঙিয়া-হাজো পথৰ পৰা নবাৰী চুপালৈ,ৰঙিয়া হাজো সংযোগী পথৰ পৰা শিলালু চৌধুৰী পথলৈ, ৰঙিয়া-হাজো সংযোগী পথৰ চৌধুৰী মিলৰ পৰা নিজ বড়িগোগ পথ,ডোঙা পাৰ হৰি মন্দিৰৰ পৰা নিজ বড়িগোগ মজজিদ লৈ,কটৰা পৰা গোপাল মন্দিৰ লৈ,ইচ্ছাদঘৰীয়াৰ পৰা পাটকী তোলালৈ ৰঙিয়া-হাজো সংযোগী পথৰ কলিতা চুপা নামঘৰৰ পৰা কৈৱৰ্ত চুপালৈ,ৰঙিয়া হাজো সংযোগী পথৰ কুমাৰ চুপাৰ পৰা হীৰেন কলিতা ঘৰলৈ,১ নং ডোৱক যুৱ সংঘৰ পৰা কৈৱৰ্ত চুপা সংযোগী পথ,ৰঙিয়া-কমলপুৰ মৰোৱা পথ, চনমাগুড়ি বাণী বিদ্যা পীঠ হাইস্কুলৰ পৰা শালৈ চুপালৈ,ক্ষুদ্ৰ ডিমু দামোদৰ দেৱ সত্ৰৰ পৰা ডিমু নামঘৰ লৈ,নবুৰ্ক সত্ৰৰ পৰা ডেকা চুপালৈ পথ।

ৰঙিয়াত ২৫ কোটিৰো অধিক ব্যয় সাপেক্ষে ২৫ টা পথৰ আধাৰশিলা স্থাপন...
AIUDF য়ে ঘোষণা কৰিলে প্ৰাৰ্থীঃ নগাঁৱত কঠিন হৈ পৰিল প্ৰদ্যুৎ বৰদলৈৰ বাট...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in