AIUDF য়ে ঘোষণা কৰিলে প্ৰাৰ্থীঃ নগাঁৱত কঠিন হৈ পৰিল প্ৰদ্যুৎ বৰদলৈৰ বাট...

ধুবুৰীত পুনৰ আজমলৰে প্ৰাৰ্থীত্ব
AIUDF য়ে ঘোষণা কৰিলে প্ৰাৰ্থীঃ নগাঁৱত কঠিন হৈ পৰিল প্ৰদ্যুৎ বৰদলৈৰ বাট...
AIUDF য়ে ঘোষণা কৰিলে প্ৰাৰ্থীঃ নগাঁৱত কঠিন হৈ পৰিল প্ৰদ্যুৎ বৰদলৈৰ বাট...

ডিজিটেল ডেস্কঃ এ আই ইউ ডি এফে আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে আগন্তুক লোকসভা সমষ্টিৰ বাবে ৩ গৰাকী প্ৰাৰ্থীৰ নাম। দলটোৱে নগাওঁ, ধুবুৰী আৰু কৰিমগঞ্জ লোকসভা সমষ্টিৰ বাবে ঘোষণা কৰিছে প্ৰাৰ্থী।

ধুবুৰী সমষ্টিত দলটোৰ প্ৰাৰ্থী হ'ব বৰ্তমানৰ সাংসদ তথা এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল। নগাওঁ লোকসভা সমষ্টিত দলটোৰ প্ৰাৰ্থী হ'ব ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক। আনহাতে কৰিমগঞ্জ লোকসভা সমষ্টিত প্ৰাৰ্থী হ'ব ছাহাবুল ইছলাম।

স্মৰ্তব্য যে, ২০১৯ লোকসভা নিৰ্বাচনত এ আই ইউ ডি এফে কংগ্ৰেছৰ সৈতে কৰা মিত্ৰতাৰ বাবে নগাওঁ লোকসভা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাছিল। যাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ সংসদলৈ যোৱাৰ বাট মুকলি হৈছিল।

এইবাৰ সমষ্টিটো পুনৰ গঠন কৰা হৈছে যদিও বিজেপি, কংগ্ৰেছ আৰু এ আই ইউ ডি এফে প্ৰাৰ্থী প্ৰক্ষেপ কৰা যুঁজখন তিনিকোণীয়া হৈ পৰাটো নিশ্চিত হৈ পৰিল। এনে পৰিস্থিতিত সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে কিছু 'এডভানটেজ' লাভ কৰিলে।

ইফালে ধুবুৰী সমষ্টিত কংগ্ৰেছে এইবাৰ প্ৰক্ষেপ কৰিছে ৰকিবুল হুছেইনক। সেইদৰে অসম গণ পৰিষদেও প্ৰক্ষেপ কৰিছে প্ৰাৰ্থী। এই সমষ্টিটো নিৰ্বাচন তিনি কোণীয়া হোৱাটো নিশ্চিত হৈছে। কৰিমগঞ্জ সমষ্টিটো কংগ্ৰেছ, বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।

AIUDF য়ে ঘোষণা কৰিলে প্ৰাৰ্থীঃ নগাঁৱত কঠিন হৈ পৰিল প্ৰদ্যুৎ বৰদলৈৰ বাট...
আমিনুল ইছলামৰ হৰ্ডিং ফালিলে কংগ্ৰেছে ! অভিযোগ দাখিল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in