কচুৱাৰ শ্ৰী শ্ৰী মাধৱ থানৰ অতিথি গৃহৰ আধাৰশিলা স্থাপন

থান পৰিচালনা সমিতিৰ সভাপতি যাদৱ বৰাৰ সভাপতিত্ব অনুষ্ঠিত হয় এখন সাধাৰণ সভা

author-image
Asomiya Pratidin
New Update
কচুৱাৰ শ্ৰী শ্ৰী মাধৱ থানৰ অতিথি গৃহৰ আধাৰশিলা স্থাপন

ডিজিটেল সংবাদ, কামপুৰঃ শ্ৰী শ্ৰী মাধৱ থানৰ অতিথি গৃহৰ আধাৰশিলা স্থাপন। থান প্ৰাংগনত ২০২২-২৩ বৰ্ষৰ আছুতীয়া পুঁজিৰ পৰা ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাসে অতিথি গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কামৰ শুভাৰম্ভণি কৰে।

Advertisment

এই উপলক্ষে থান পৰিচালনা সমিতিৰ সভাপতি যাদৱ বৰাৰ সভাপতিত্ব অনুষ্ঠিত হয় এখন সাধাৰণ সভা। সভাখনত উপস্থিত থাকে কচুৱা আৰক্ষী নিবেশৰ ভাৰপ্ৰাপ্ত বিষয়া আনন্দ মেধী , গৰুবাট মণ্ডলৰ সভাপতি শান্তিৰাম বৰা,সমাজ সেৱক জনাৰ্দ্দন শইকীয়া, মতিউৰ ৰহমান, ক্ষীৰোদ লস্কৰৰ লগতে স্হানীয় বিশিষ্ট ব্যক্তিসকল।

Also Read: শিলপুখুৰী ৰাজহুৱা নামঘৰৰ বিৰাজ কুমাৰ শৰ্মা প্ৰেক্ষাগৃহৰ শুভ উদ্বোধন

guest house