তিতাবৰ জালুকনিবাৰীত যাত্ৰাৰ উদ্যোগত গ্ৰন্থমেলা, গ্ৰন্থপ্ৰেমীৰ ভিৰ

জালুকনিবাৰীৰ অগ্ৰণী সাহিত্য সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান উদ্যোগত ২৭ জানুৱাৰীৰ পৰা ৩১ডিচেম্বৰ লৈ

author-image
Asomiya Pratidin
New Update
তিতাবৰ জালুকনিবাৰীত যাত্ৰাৰ উদ্যোগত গ্ৰন্থমেলা, গ্ৰন্থপ্ৰেমীৰ ভিৰ

জালুকনিবাৰীত যাত্ৰাৰ উদ্যোগত গ্ৰন্থমেলা, গ্ৰন্থপ্ৰেমীৰ ভিৰ

ডিজিটেল সংবাদ, বেকাজানঃ জালুকনিবাৰীৰ অগ্ৰণী সাহিত্য সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান উদ্যোগত ২৭ জানুৱাৰীৰ পৰা ৩১ডিচেম্বৰ লৈ ৪ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে জালুকবাৰী গ্ৰন্থমেলা । গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি অনুষ্ঠিত হৈছে বাণিজ্য মেলাও ।

Advertisment

এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি চন্দ্ৰকান্ত বৰাই আৰু দুপৰীয়া গ্ৰন্থমেলাৰ দ্বাৰ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়ত্ৰী কৰুণা গগৈ বৰাই । গ্ৰন্থমেলাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক মৃনাল তালুকদাৰ ।

মুখ্য অতিথিৰ ভাষণত তেওঁ কয় গ্ৰন্থ আৰু পঢ়ুৱৈৰ মাজত সু সম্বন্ধ থাকিলেহে অসমীয়া ভাষা সাহিত্য আগবাঢ়ি যাব পাৰিব। আনহাতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা ।

গ্ৰন্থমেলাৰ দ্বিতীয় দিনা কবি সন্মিলন অনুষ্ঠিত হয় । উদ্বোধন কৰে অসমৰ বিশিষ্ট সাহিত্যিক সমালোচক ড০ মানিক শইকীয়াই। গ্ৰন্থমেলাৰ প্ৰতি সহাঁৰি জনাই ছাত্র - ছাত্ৰী আৰু পাঠকে ভিৰ কৰা পৰিলক্ষিত হয়।

আৰু পঢ়কঃ ৰঙিয়াত দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰত অগ্নিসংযোগ

book fair