টীয়ক জাতীয় বিদ্যালয়ৰ একবিংশ প্ৰতিষ্ঠা দিৱস

মুখ্য অতিথি হিচাপে অংশগ্ৰহণ ড০ প্ৰণৱজ্যোতি চেতিয়াৰ
টীয়ক জাতীয় বিদ্যালয়ৰ একবিংশ প্ৰতিষ্ঠা দিৱস

ডিজিটেল সংবাদ, বেকাজান : যোৰহাট জিলাৰ অন্যতম শিক্ষা প্রতিষ্ঠান টীয়ক জাতীয় বিদ্যালয়ৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস শনিবাৰে আড়ম্বৰপূর্ণ ভাৱে অনুষ্ঠিত হয় । এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে টীয়ক জাতীয় বিদ্যালয়ৰ সঞ্চালক প্ৰদীপ চুতীয়াই। স্মৃতি তৰ্পণ কৰে টীয়ক জাতীয় বিদ্যালয়ৰ সচিব সৌৰভ বৰাই। প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে টীয়ক জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ঋষেশ্বৰ শৰ্মাই। টীয়ক জাতীয় বিদ্যালয়ৰ সঞ্চলক প্ৰদীপ চুতীয়াদেৱৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত যোৰহাট বিজ্ঞান কেন্দ্র আৰু তাৰকা গৃহৰ তত্বাবধায়ক ড০ প্ৰণৱজ্যোতি চেতিয়া আৰু যোৰহাটৰ জেষ্ঠ সাংবাদিক ললিত বৰাদেৱে অংশগ্রহণ কৰি সাৰুৱা বক্তব্য আগবঢ়ায়।

যোৰহাট বিজ্ঞান কেন্দ্র আৰু তাৰকা গৃহৰ তত্বাবধায়ক ড০ প্ৰণৱজ্যোতি চেতিয়াই ছাত্র-ছাত্ৰী সকলক সপোন দেখিবলৈ কোৱাৰ লগতে প্ৰকৃতিৰ ভাৰসাম্যৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। আন গৰাকী বিশিষ্ট ব্যক্তি তথা যোৰহাটৰ জেষ্ঠ সাংবাদিক ললিত বৰা দেৱে অসমত জাতীয়তাবোধ গঢ়াৰ দিশত অসম জাতীয় বিদ্যালয়ৰ ভুমিকাৰ ওপৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি মন্তব্য কৰে ।

টীয়ক জাতীয় বিদ্যালয়ৰ সচিব সৌৰভ বৰাই উদ্দেশ্য ব্যাখ্যা কৰা এই মুকলি সভাত অধ্যক্ষ ঋষেশ্বৰ শৰ্মা, টীয়ক প্ৰেছ ক্লাৱৰ উপদেষ্টা নিৰ্মলেন্দু পাঠক, টীয়ক জ্যানপীঠ একাডেমীৰ উপাধ্যক্ষ সুনীল দাসকে ধৰি বহু কেউজন বিশিষ্ট ব্যক্তি , অভিভাবক , শিক্ষক তথা ছাত্র-ছাত্ৰী উপস্থিত থাকে । ইয়াৰ পিচতে বিদ্যালয়ৰ প্ৰজ্ঞা বঁটা প্ৰদান কৰা হয় মেধাৱী ছাত্র অনুৰণ দাসক। বঁটা প্ৰদান কৰে ড০ প্ৰণৱ জ্যোতি চেতিয়া, প্ৰদীপ চুতীয়া, ললিত বৰা আৰু নিৰোদ চুতীয়াই। দিনজোৰা বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰে ২১সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সামৰণি পৰে‌।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in