কাজিৰঙাত চলিছে অবাধ পাহাৰ খনন

নিৰ্বিকাৰ বন বিভাগ, প্ৰশাসন
কাজিৰঙাত চলিছে অবাধ পাহাৰ খনন

ডিজিটেল সংবাদ, কাজিৰঙা : কাজিৰঙাত চলিছে সেউজীয়া পাহাৰ ধ্বংসৰ অবাধ প্ৰতিযোগিতা।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ কাৰ্বি পাহাৰত নিৰ্মমভাৱে চলিছে জেচিবি,ফকলেণ্ডৰ হাতোৰা।ফলত ক্ৰমাৎ নিশেষ হোৱাৰ পথত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যজীৱৰ বাবে প্ৰাকৃতিক হাইলেণ্ডৰ ভূমিকা পালন কৰা কাৰ্বি পাহাৰ।শেহতীয়াকৈ কাজিৰঙাৰ গেলেকী, মিকিৰগাওঁ অঞ্চলৰ পাহাৰত অবাধে চলিছে পাহাৰ খনন।উল্লেখ্যে যে ২০১৯ চনৰ ১২ এপ্ৰিলৰ পিছত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কাৰ্বি পাহাৰত সকলো ধৰণৰ খননত নিষেধাজ্ঞা জাৰি কৰা হৈছিল।

কিন্তু তৎসত্বেও একাংশ অসাধু ব্যৱসায়ীয়ে কেৱলমাত্ৰ ধনৰ লালসাত পাহাৰ খনন অব্যাহত ৰাখিছে।পাহাৰ খনন কৰি ইতিমধ্যে সেউজীয়া পাহৰৰ বুকুত সজা হৈছে বহু ৰিজৰ্ট, লজ'।মন কৰিবলগীয়া যে এই সকলোবোৰ চলিছে কাৰ্বি আংলঙৰ বন বিভাগৰ চকুৰ সমুখতেই।তাৰ পিছতো চকু মুদা কুলিৰ ভাৱত বন বিভাগৰ বিষয়া কৰ্মচাৰী।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাজিৰঙা আঞ্চলিক সমিতিৰ অভিযোগ অনুসৰি কাজিৰঙাৰ এই পাহৰৰ খননত প্ৰত্যক্ষভাৱে জড়িত জনৈক শইকীয়া উপাধিৰ এজন স্থানীয় ব্যৱসায়ী।বন বিভাগক মেনেজ কৰি কাৰ্বি আংলঙৰ ব্যৱসায়ীৰ সৈত পাহাৰ খনন চলাই গৈছে এই ব্যৱসায়ীজনে।

শেহতীয়াকৈ কাজিৰঙাৰ গেলেকী, মিকিৰগাও অঞ্চলত এই ব্যৱসায়ীজনৰ উদ্যোগতে পাহৰ খনন চলাৰ অভিযোগ AJYCP ৰ।

স্মৰ্তব্য যে কাজিৰঙাৰ পাহাৰ খননৰ বিষয়টোত ৰহস্যজনকভামে মৌন একাংশ প্ৰকৃতিপ্ৰেমী সংগঠনো।উল্লেখ্যে যে কাজিৰঙাৰ বন্যজীৱৰ অন্যতম আশ্ৰয়স্থলী এই কাৰ্বি পাহাৰত অবাচে চলা বন ধ্বংস ৰোধ কৰিবলৈ চৰকাৰক আহ্বান AJYCP ৰ অন্যথা অদূৰ ভবিষ্যতে কাজিৰঙাৰ সংকট আসন্ন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in