/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/6bc7fce0-af62-47fa-8ba1-8e7d4eb33dee/1_copy.jpg)
ডিজিটেল সংবাদ, কঠীয়াতলীঃ বৃহস্পতিবাৰে দিনযোৰা কাৰ্য্যসুচীৰে উদযাপন কৰা হ'ল মনোহৰ গাওঁ জাতীয় বিদ্যালয় প্ৰতিষ্ঠা দিৱসটি । শিশুৰ শৈক্ষিক, বৌদ্ধিক আৰু মানসিক বিকাশত উৎকৰ্ষ সাধনাৰ প্ৰতি লক্ষ্য ৰাখি ২০১৮ চনৰ আজিৰ দিনটোত কঠীয়াতলী মনোহৰ গাওঁত স্থাপন হৈছিল এই বিদ্যালয়খন। বহু ঘাট প্ৰতিঘাট নেওঁচি সগৌৰবে আজি বিদ্যালয় খনে ৬টা বৰ্ষ অতিক্ৰম কৰিলে ।
বৃহস্পতি বাৰে উক্ত বিদ্যালয় খনৰ প্ৰাংগনত দিন যোৰা কাৰ্য্যসুচীৰে অতি উলহ মালহৰে উদযাপন কৰা হ'ল এই প্ৰতিষ্ঠা দিৱস।কাৰ্য্যসুচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে বিদ্যালয় পৰিচালনা সমিটিৰ সভাপতি পবিত্ৰ দাসে, বৃক্ষ ৰোপন কৰে জেষ্ঠ বন পালক ত্ৰিগুন তালুকদাৰ আৰু বন্তি প্ৰজ্ঝলন কৰে কঠীয়াতলী প্ৰেছ ক্লাৱৰ সভাপতি ঘন কান্ত বৰাই। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয় প্ৰাংগনত এখনি মুকলি সভা অনুস্থিত হয়। মুকলি সভাত সভাপতিত্ব কৰে পবিত্ৰ দাসে।সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে বিদ্যালয় খনৰ প্ৰতিষ্ঠাপক সম্পাদক কমলেশ্বৰ শইকীয়াই। সভাৰ আৰাম্ভনিতে আমন্ত্ৰিত বিশিষ্ঠ ব্যক্তি সকলক সম্বৰ্ধনা জনোৱা হয়।
সভাৰ মাজতে বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন ধৰণৰ কবিতা আবৃতি,নৃত্য,গীতৰ সমাহাৰে এক বাৰেৰহনীয়া সাংস্কৃতিক অনুস্থান পৰিবেশন কৰে।দিনযোৰা কাৰ্য্যসুচীৰে আয়োজন কৰা এই প্ৰতিষ্ঠা দিৱসত কেইবাগৰাকী আমন্ত্ৰিত অতিথি ,অভিভাবক, শিক্ষক -শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে। বহু গণ্য-মান্য ব্যক্তি উপস্থিতিৰে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে বিদ্যালয় খনৰ প্ৰধান শিক্ষয়ত্ৰী তনয়া শইকীয়াৰ লগতে শিক্ষক-শিক্ষয়ত্ৰী সকলে।
Also Read: পুনৰ বিজপিলৈ নীতিশ...
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us