/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/6ebf66bd-ddc3-4aa2-93fb-9b2400852037/thaneswar_17.jpg)
ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ...
ডিজিটেল সংবাদ ৰঙিয়াঃ অসম গণ পৰিষদৰ এসময়ৰ এগৰাকী বিচক্ষণ ৰাজনীতিবিদ, প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াত অগণন গুণমুগ্ধই শোকাহত হৈ পৰে। আজি তেওঁৰ নশ্বৰ দেহ স্ব-গৃহলৈ লৈ অহাৰ পাছত ৰঙিয়া টাউনৰ শান্তিধামত বিয়লি ৫:৩০ বজাত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/0f11eab9-db52-46e8-bc9e-ed89a11b61b9/6b77eb7d-2a00-45c7-b7e0-78f81c073a2d.jpg)
উল্লেখ্য যে ৰঙিয়াৰ হিন্দী হাইস্কুল খেলপথাৰ প্ৰাংগনত বিয়লি ৫ বজাত প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ নশ্বৰ দেহত ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় জনোৱা হয়। অসম আৰক্ষীৰ জোৱানৰ টোপধব্বনিৰে জনোৱা ৰাজ্যিক মৰ্যাদাৰ সময়ত শিক্ষামন্ত্ৰী ৰণোজ পেগু, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে থানেশ্বৰ বড়োৰ ৰাজনৈতিক ইতিহাস প্ৰাসংগিকতা সদায় বিদ্যমান হব বুলি কোৱাৰ উপৰিও, কৃষি মন্ত্ৰী অতুল বৰা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে জ্যেষ্ঠ অগপ নেতা তথা প্ৰাক্তন শিক্ষামন্ত্ৰীৰ মৃত্যুত দল অভিভাৱকহীন হৈ পৰা বুলি উল্লেখ কৰে। তেওঁলোকে থানেশ্বৰ বড়োৰ পৰা ৰাজনীতিৰ বহু কথাই শিকিবলীয়া আছিল বুলিও মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/0a27c25a-0c12-4a12-a7a9-488258e8dbb5/9695e29a-c8ee-4213-9016-9b409b8b9f7d.jpg)
তদুপৰি অনুষ্ঠানটিত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, প্ৰাক্তন বিধায়ক অনন্ত ডেকা,ইউ পি পি এলৰ নেতা তথা কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্ম, জিলা উপায়ুক্ত কীৰ্তি জল্লী, প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতা,অগপ নেতা অপূৰ্ব ভট্টাচাৰ্য, প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা আদিও উপস্থিত থাকে। আনহাতে এই ৰাজ্যিক মৰ্যাদাৰে জনোৱা শেষকৃত্য অনুষ্ঠানত জনপ্ৰিয় শিল্পী মানস ৰবীনেও অংশগ্ৰহণ কৰি তেওঁলৈ শেষ শ্ৰদ্ধা নিবেদন কৰি শোকপ্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/fc5526ff-65f3-47e3-a4e7-45f87674f38c/52a71cf0-0f75-4d10-aefb-5be5396259b2.jpg)
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ থকা প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ আজি পুৱা ৭:৫৫ বজাত জি এম চি এইছত দেহাৱসান ঘটে। ইয়াৰ পিছত দিনৰ প্ৰায় ১২ বজাত তেওঁৰ নশ্বৰ দেহ গুৰমৌ ভেহবাৰীৰ গাঁৱৰ ঘৰখনত আহি পোৱাৰ পাছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/793a0673-e140-46af-933d-799726547734/d75cceee-6c24-4664-a24b-c151d48ffc0e.jpg)
গাঁৱৰ সমগ্ৰ ৰাইজে অন্তিম বিদায় জনোৱাৰ পাছতে ৰঙিয়াৰ গড়কাস্থিত বাসগৃহত লৈ তেওঁৰ নশ্বৰ দেহ লৈ অনা হয়। ইয়াত অগণন গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতেই চহৰখনৰ মাজমজিয়াৰে তেওঁৰ নশ্বৰ দেহ পৰিভ্ৰমণে কৰোৱা হয়। বিয়লি ৪ বজাত তেওঁৰ নশ্বৰ দেহ অগপৰ ৰঙিয়াস্থিত কাৰ্যালয়লৈ লৈ যোৱা হয়। তাত দলীয় জ্যেষ্ঠ, কনিষ্ঠ কৰ্মীসকলে অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/41a4be84-4166-4749-9419-4de64bac41c6/13ffd328-3f7a-4fa5-bad2-66341fb4bea2.jpg)
ইয়াৰ পাছত ৰঙিয়া ৰাইজমেল, ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰঙিয়াৰ ১০০ টাতকৈ অধিক বিভিন্ন দল-সংগঠনে সৰল মনৰ, মানৱদৰদী ৰাজ্য চৰকাৰৰ প্ৰাক্তন ৰাজহ আৰু শিক্ষামন্ত্ৰী তথা তিনিবাৰকৈ ৰঙিয়াৰ বিধায়ক হোৱা থানেশ্বৰ বড়োক কায়িকভাৱে শেষ বিদায় জনায়। এনে এক শোকাকুল পৰিৱেশৰ মাজতে তেওঁৰ অনুৰাগীসকলে কয় কায়িকভাৱে তেওঁ এই ধৰাৰ পৰা আঁতৰি গ'ল যদিও অসমৰ ৰাজনীতিৰ ইতিহাসত তেওঁ সদায়েই স্মৰণিয় হৈ থাকিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/613f829b-e511-48cb-82dc-61f6b6abb69e/67b167c4-cfa0-4ca8-ab2b-da9cab060c6c.jpg)
Also Read: অৰবিন্দ কেজৰিৱালৰ আৱাসলৈ বিজেপিয়ে পঠিয়াইছিল স্বাতী মালিৱালক !