আজি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস...

আজি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস...

author-image
Asomiya Pratidin
New Update
আজি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস...

আজি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস...

ডিজিটেল ডেস্কঃ আজি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৪৮ চনত সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণা পত্ৰ গ্ৰহণ কৰাৰ চিনস্বৰূপে ১৯৫০ চনৰ পৰা প্ৰতিবছৰে ১০ ডিচেম্বৰত এই দিৱস পালন কৰি অহা হৈছে।

Advertisment

এইবাৰ মানৱ অধিকাৰ দিৱসৰি বিষয়বস্তু

প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱসৰ এক পৃথক বিষয়বস্তু নিৰ্ধাৰণ কৰা হয়। এইবছৰ মানৱ অধিকাৰ দিৱসৰ বিষয়বস্তু হৈছে ভৱিষ্যতে মানৱ অধিকাৰ সংস্কৃতি একত্ৰিত কৰা আৰু অতীতলৈ বজাই ৰখা। এই উপলক্ষে ৰাষ্ট্ৰসংঘৰ মূৰব্বীৰ দ্বাৰা এক বাৰ্তা জাৰি কৰা হৈছে।

আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱসৰ উদ্দেশ্য

মানৱ অধিকাৰ দিৱসৰ উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ লোকসকলক মানৱ অধিকাৰৰ গুৰুত্বৰ বিষয়ে সজাগ কৰা আৰু ইয়াক পালন কৰাৰ বিষয়ত সজাগ হোৱা। প্ৰতি বছৰে ১০ ডিচেম্বৰৰ দিনটোত চৰকাৰী পক্ষৰ উপৰিও বেচৰকাৰী সংগঠনসমূহ, সাধাৰণ লোকসকলে মানৱ অধিকাৰৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে আৰু মানৱ অধিকাৰ সুৰক্ষিত কৰিবলৈ কাম কৰাৰ উদ্দেশ্যৰে একত্ৰিত হৈ আহিছে।

ভাৰতত মানৱ অধিকাৰ দিৱস

ভাৰতত প্ৰথমবাৰৰ বাবে ১৯৯৩ চনৰ ২৮ ছেপ্টেম্বৰত মানৱ অধিকাৰ আইন কাৰ্যকৰী হৈছিল। তাৰপিছত চৰকাৰে ১৯৯৩ চনৰ ১২ অক্টোবৰত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰে।

মানৱ অধিকাৰৰ ভিতৰত আছে নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ, সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক অধিকাৰ। ইয়াৰ ভিতৰত আছে শিক্ষাৰ অধিকাৰ, মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰ, কাম কৰাৰ অধিকাৰ আদি।

Also Read: আজি উন্মোচন হ'ব হেমকোষৰ পঞ্চদশ সংস্কৰণ আৰু প্ৰথমখন অসমীয়া ব্যাকৰণৰ ব্ৰেইল সংস্কৰণ...

মানৱ অধিকাৰ দিৱস